তেওঁক বুজাব পৰাৰ জোখাৰে
লিখিব পৰা নাই অনেক কব লগা কথা
আপ্রাণ চেষ্টাৰে লিখিছোঁ যদিওঁ
নিজে নুবুজিলে কোনেওঁ কাকো বুজিবলৈ বাধ্য কৰাব নোৱাৰে
সেয়ে অকলশৰীয়া ছাঁ টোৰ স’তে
তেওঁ অকলশৰীয়া অট্টালিকাত বাস কৰে
লগত অভিসাৰিকা নিসংগতা নামৰ ছোৱালী এজনী
বস্ত্র নগৰীৰ পেটত সজোৰে গোৰ এটা সোধাই বেনাৰসী শাৰী
অট্টালিকাটোৰ বাৰাণ্ডাৰ টাবত শুৱনি কৰে
নাম নজনা বিদেশী ফুলৰ গছ
ফুলবোৰ চতিয়না ফুলৰ গোন্ধটোৰ দৰে বৰকৈ গোন্ধাইছে
ঠোট ভঙা শামুকখোলা চৰাইবোৰে বিনাওঁতে
তেওঁৰ বুকুত উঠি আহিল
এটা সাগৰীয় শামুক
পিয়াহত আঁতুৰ খেতিয়কে পানী বিছাৰি ফুৰোঁতে
শামুকটোৰ খোলাৰ ভিতৰত তেওঁ সাগৰ সাজিছিল
নৈৰাজ্যৰ হালধীয়া পোকবোৰ ইফাল-সিফালকৈ নাচি ফুৰিছিল
তেওঁ ভালপোৱাৰ দৰে নিসংগতাজনীওঁ সাগৰ ভালপায়
কিন্তু সিহঁতে নাজানে সাগৰে যে নদীৰ জীয়া সপোন কঢ়িয়ায়
অকলশৰীয়া অট্টালিকাটোৰ পৰা
জীৱনমূখী বতাহ আৰু আলোক সন্ধানী পোহৰে
সৌ পাহাৰখনৰ জয়াল গুহাটোত গুছি গ’ল
তাৰ পৰাই আহি থিতাপি লৈছিল অট্টালিকাটোত নিসংগতা নামৰ ছোৱালী
তেওঁ বতাহ আৰু পোহৰ বিছাৰি খেপিয়াই ফুৰিছে
নিসংগতাই আথে-বেথে বুকুৰ বৰপিৰাত বহি ক’লে
পোখৰণ….পোখৰাণ…….
দুচকুত ভাহি উঠিল পত্ৰহৰিৎ গুছি যোৱাৰ পিছৰ অৰণ্যৰ দৃশ্য
দুওঁঠত প্রতিফলিত হ’ল কেবল ৰঙা
গালে-মুখে বিবৰ্ণতা, দুচকুত আঙঠা
তেওঁ খেপিয়াই খেপিয়াই বিছাৰি পালে ধ্বংসাবশেষ
মাজত পৰি আছে নতুন দিনৰ কবিতা ৰছিব বিছৰা ছোৱালী প্রেয়সী মন্দাকিনী
যি অনাগত প্রজন্মৰৰ বাবে
সেউজীয়া কবিতাৰ বৰষুণ হৈ বৰষাৰ প্রতিশ্রুতি দিছিল ।