নাটক --- শ্ৰী কিশোৰ বড়ো

চকুৰ তৰা দুটা প্রাণ পোৱাৰ পৰা
চেতনাই চিন্তাৰ অভ্যন্তৰত সোমাই যোৱাৰে পৰা
মই দৰ্শক হৈ আছো এখন নাটকৰ
অবিৰত চলি আছে নাটকখন
যৱনিকা পৰা নাই

এখন ঘৰৰ কাহিনী
এজনে এটা ঘৰ ল’লে দাবি কৰি
আন এজনকো লাগে এটা ঘৰ
এটা চৌহদতে প্রত্যেক জনেই একো একোটা ঘৰৰ দাবিদাৰ
চেলু ল’ই চুবুৰীয়া ঘৰৰ সদস্যই
কথা লগাই ঘৰখন ধ্বংস কৰাৰ
শীতল ব্লুপ্রিন্ট তৈয়াৰ কৰিছে
সদস্যৰ অংগবোৰৰ সিৰা-উপসিৰাত
সোমাই অংগৰ জীৱন নাশ কৰিছে
কেইটামান অংগৰ গোট আছে
সেই গোটবোৰে নিজকে নায়ক বুলি ভাবি মুৰব্ৱীক খলনায়ক সজায়
মুৰব্ৱীয়েওঁ নিজকে নায়ক বুলি ভাৱে
মুঠতে প্রতিজনেই একো একোজন নায়কৰ লেবেল মাৰে
চুবুৰীয়া ঘৰে ইয়াৰ ছেগ্ বুজি
চৌহদৰ সীমা ঠেলে
মুৰব্ৱীজনে সাত সাগৰ তেৰ’ নদীৰ
সীপাৰৰ পৰা কয় সকলো ঠিক হৈ যাব
বাৰে বাৰে কৰে ঘূৰণীয়া মেজমেল

অবিৰত চলি থকা নাটকখনৰ
মই দৰ্শক হৈ আছো
কাৰণ মোৰযে প্রশিক্ষণ নাই অভিনয়ৰ

নাটকখনৰ নাম “অসম”…….।।

+++++++++++++++++++++++++++

কবি :: শ্ৰী কিশোৰ বড়ো
ফোন নং :: ৯৮৫৪৪৯৪৩৫২
ঠিকনা :: লোঃ গোঃ বঃ আঞ্চলিক মানসিক স্বাস্হ্ প্রতিস্হান
তেজপুৰ,শোণিতপুৰ,অসম

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852