নিঃসংগতা --- প্ৰদীপ দাস

ডালিম ফুলা বতৰত
বহঁত গছৰ ছাঁত সপিছিলো সময় ।
উপভোগ কৰিছিলো
নিঃসংগতাৰ সোৱাদ ।

ঐৰাৱতৰ শুৰ এডালে যেন
মোক মেৰিয়াই ধৰিছিল ...।
চুটি চুটি উশাহত অনুভৱ কৰিছিলো
জীৱন আৰু মৰণৰ বিস্তৰ প্ৰভেদ ।

নিঃসংগতাক মই চিনি পাওঁ !
যদিও নুবুজো নিঃসংগতাৰ অৰ্থ ।
জীৱনত এবাৰ কিবা এটা
হেৰুৱাই চোৱা ,
অসহজ নহ'ব বুজিবলৈ
নিঃসংগতাৰ অনুভৱ !

এতিয়া ডালিম ফুলিলে মই
বাকহীন হৈ পৰো ...।
মনত পৰে কাৰোবাৰ
ডালিম গুটীয়া দাঁতলৈ...
অথবা ,
বহঁত গুটীৰ দৰে কোমল
আঙুলি বোৰলৈ ...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,927