নিশা এটা আছিল --- প্ৰদীপ দাস

নিশা এটা আছিল !
সোনৰ সপোন ৰচিবলে
পট দেখুওৱা নিশা ...
আৱশ্যক আছিল আৰু এটা নিশাৰ
গুণ-গুণ ভোমোৰাৰ
মুখৰ মৌ আঁতৰাই
পাতিবলে এখনি ৰঙিণ ফুলনি !

পখিলাৰ লেহুকা পাখি
ভোমোৰাৰ বিষাক্ত শুং
দুয়োটাই ৰস খায় ফুলৰ
অথচ পাৰ্থক্য আকাশ-পাতাল !
জীৱৰ বাবে উশাহ লাগে,
লাগে এমুঠি অন্ন আৰু বস্ত্ৰ
উপভোগৰ বাবে প্ৰয়োজন
সীমাহীন দ্ৰব্য ...

পূৰ্ণতা নাথাকে প্ৰতিবাৰে জীৱনত
প্ৰতিবাৰেই জীৱনৰ অনুন্নতি নহয় !
দিনবোৰ আহি থাকে
ৰাতিবোৰ গৈ থাকে
নাথাকে ৰৈ সময়...

নিশা এটা আছিল !
এতিয়াও আহে নিশাবোৰ
নাহে মাথোঁ সেইটো নিশাৰ দৰে
নিৰ্দিষ্ট নিৰিবিলি লৈ...
এতিয়া নিশাবোৰ আহে
আদেশা দূৰত জোন এটা লৈ ,
আন্ধাৰত তিৰ্ বিৰ্ তৰাবোৰ লৈ ...
আৰু দিনবোৰ আহে
পাহৰিব নোৱাৰা কিছুমান
অসাৰ্থক স্মৃতি লৈ ...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,893
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,751