নিষিদ্ধ ভ্ৰুণ --- ৰাজীৱ কায়ষ্হ

এনিশাৰ বীৰ্য উমত দিনবোৰে বাগৰ সলালে;

আশ্ৰয় উদৰত স্পন্দিত এটি ভ্ৰুণ ।

অংগ পোখালিম পথত
হেঙুৰৰ হিল্লোল,

উদৰৰ ওৰণি
ঠেলিব খোজোতেই

ক্ৰমাৎ
দৃশ্যমান হ'ল:

"নিষিদ্ধ নাৰী ভ্ৰুণৰ ফলক"

বৈষম্যৰ ক্লীৱশীল প্ৰাচীৰ...!

এবেগেত মান পিছুৱাই গ'ল
ভাড়াক্ৰান্ত ভ্ৰুণৰ পানচৈ....

বিঃদ্ৰঃ
মাতৃৰ পৰাধীন উদৰৰ
পশ্চিমি প্ৰান্তৰ

কোনো বিষাক্ত কাঁইটত;
খুচি খাই খাই

ক্ষত-বিক্ষত হৈ

ভোগ্য জৰায়ু মুখত

শোণিতি
অস্তাচলৰ-আবিৰ

সানি সমাপ্ত
কৰিলে নিষিদ্ধ ভ্ৰুণৰ মৰ্মান্তিক কাহিনী ।"

+++++++++++++++++

কবিৰ ঠিকনাঃ ৰাজীৱ কায়ষ্হ ।
লাচিত নগৰ গুৱাহাটী-৭৮১০০৭
ফোন নং ঃ ৭৩৯৯১৪৬০৫৩

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,998
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,973
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,890