নিসংগতা --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

সৌ জুপুৰিটোৰ পৰা

পুৱাই ওলাই আহো

লগত মোৰ কুৰি বছৰিয়া হাতবাগি মোনাটোত কিছুমান গছৰ পুলি আগেয়েই চহাই

থোৱা মাটিডৰাত বৰ যতনেৰে পুলিবোৰ ৰোঁও

গছ হোৱাৰ আশাত !

বিগত বৰ্ষত ৰোৱা কিছুমান পুলি এতিয়া বৰটো হৈছে

এইবেলি যদি ধুমুহা নাহে পুলিবোৰ বৰ একোজোপা হব। এতিয়া মই অলপতে ভাঙি

পৰো মনটোক বাৰে বাৰে নিচুকাব লাগে কেচুৱাক মাতৃয়ে নিচুকোৱাৰ দৰে

নিয়তিৰ হাতুৰাই কুঙা কৰা মোৰ ভাগ্য মোৰ ভালপোৱা কেতিয়াবা ৰাতি উচপ

খাই সাৰ পাঁও আৰু

এক অন্তহীন যুঁজত নামো আন্ধাৰৰ সতে

এই বাটেৰে গলে কেঁকুৰীত থকা জুপুৰীটোলৈ আহিবা ক্ষন্তেক জিৰাবা অন্য

পথিকৰ দৰে আৰু

ইয়াতেই বিচাৰি পাবা

গুটিক গছ কৰা এই মানুহজনক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,776
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,035
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,527
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,410
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,282