নিৰ্জনতাৰ বুকুৰ উমান লৈ --- কুণ্ডল কুমাৰ বৰা

(১)
নিৰ্জনতাৰ বুকুৰ উমান লৈ
সৰল জীৱন কাঁয়াৰ
বিকৃত ছাঁয়া
নিৰৱ ৰজনীৰ নিষ্ঠুৰ চন্দ্ৰমা
মৌন নিতালে লুকায় নিৰদৰ আঁৰত ।

নিৰ্মল কিৰণেৰে প্ৰভাতী অৰুণে
আঁকোৰ-গোঁজেৰে চোন
নিদিয়েহি দেখা ।

ধৰাত বিলিন এক জীৱনৰ নাট
সূত্ৰধাৰেও একেভাৱে আছে স্বৰূপে,
-দুনাই নাপালে সেই নাট.....

মানৱ শৰীৰী এপাহী শেৱালী,
জাৰণিত আছে পৰি
শূণ্যতাক আকোঁৱালি ধৰি

(২)
মুখাৰ আঁৰৰ মুখ চিনিব নোৱাৰি ।
চিনিলেও সৰগ-নৰক, যথেষ্ট পৃথক ।
মিথ্যাৰ মন্ত্ৰেৰে সাক্ষ্য পৰম,
চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰি ।

(৩)
তথাপি জগতৰ মৌণ ভাষা,
শিথিলতাৰ আখৰেৰে
লিখি যোৱা বুৰঞ্জী ।
যদিও হৈছিল মহাসংগ্ৰাম,
মৰিছিল লক্ষ লক্ষ সেনা-সেনানী |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,155
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:431
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,808
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,963
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783