নুসুধিবা তুমি --- বিশ্বজিৎ নাথ

নুসুধিবা তুমি
কি বিচাৰি পাওঁ
তোমাৰ নীলিম দুচকুত
উত্তৰ নাই যে ওঠত
মাথো বিলীন হব খোজো
গভীৰৰ পৰা গভীৰলৈ ..

নুসুধিবা তুমি
কিয় তোমাৰ প্ৰেমত সাঁতুৰি নাদুৰি
মাতাল হব খোজো
কিয় আঁকোৱালি লব খোজো
প্ৰেমৰ মধূৰ যন্ত্রনা ...

নুসুধিবা তুমি
শৰত নিশাৰ তৰাভৰা আকাশলৈ
কিয় চাই ৰওঁ একেথৰে
নেজানো মই
মাথো বিচাৰো তাত
তোমাৰেই প্ৰতিচ্ছবি।

নুসুধিবা তুমি
নুসুধিবা তুমি।