পথভ্ৰষ্ট পঠিক --- ধৰিত্ৰী দাস

মোৰ সকলো থাকিও আজি কিয় অকলশৰীয়া হ’ব লগা হৈছে বাৰু ?
মই পথভ্ৰষ্ট পঠিকৰ দৰে হৈছো ৷
সকলোকে নিজৰ বুলি জ্ঞান কৰিছিলো,
কোনো জনকে কঠিন বচন শুনুৱা নাই ,
কাহানি জনমত মই কি পাপ কৰিছিলো ৷
যাৰ কাৰণে মই আজি জীয়াতু যন্ত্ৰনা ভূগিছো ৷
মোৰ জীৱনত প্ৰথম পদক্ষেপতে এনেকুৱা সংঘাত
আহিব বুলি কাহানিও ভবা নাছিলো ৷
মই আজি সকলো পিনে অন্ধকাৰ দেখিছো ,
খপিয়াই খপিয়াই মই শুদ্ধ পথ বিচাৰি পোৱা নাই ৷
আপোন ৰাজ্যত বিচাৰণ কৰিবলৈ মোৰ মনে
হাহাকাৰ কৰি আছে ৷
কোনে মোক লোৰ শিকলিৰে বান্ধি ৰাখিছে ?
মোৰ সৰলতাৰ সুযোগ লৈ কোমল অন্তৰৰ স্বচ্ছ
সকলো পদাৰ্থই নাইকিয়া কৰি দিলে ৷
মই জানো এই অন্ধকাৰ কাৰাগাৰৰ পৰা কেতিয়া
মুক্তি পাম ?
মই কেতিয়া আকৌ মোৰ চিনাকি ৰাজ্যত
বিচৰণ কৰিব পাৰিম ?

+++++++++++++++++++++++

ধৰিত্ৰী দাস
গুমেইবড়ী, গুৱাহাটী

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,088