পথাৰ --- প্ৰদীপ দাস

সৌ পথাৰলৈ চোৱা ।
সৌ তৰাং পথাৰলৈ ...।
বৰষুণ !!
আকাশৰ পথেৰে নামি আহাঁ
বৃষ্টিৰ টোপালত
জীপাল হ'বলৈ দিয়া মোৰ পথাৰ ।
নিদিবা তৰাং হ'বলৈ ।

সূৰ্যাস্ত কিৰণত
কামিহাঁড় ভগা কৃষক মই ।
সূৰ্যোদয়ৰ পৰশত
জুৰালগা হাঁড়ৰ সৃষ্টিৰ অভিযান ...।
এটা ৰাতি এটা দিনতকৈ
হাজাৰ গুণে ডাঙৰ মোৰ বাবে ।
নিশাৰ আগমনত
আসহায় পোচাক পিন্ধি
প্ৰতীক্ষিত হওঁ মই
সপোনৰ পৰশ এৰি পুৱালৈ ...।

মোৰ তৰাং পথাৰ !
মোৰ খামুকীয়া খোজত
নিশকতীয়া হয় মাটিৰ চপৰা ।
এইবাৰ দেখোন বানো নাহিল ...।
এৰা ,
বান অবিহনেও বিধ্বস্ত হ'ল
ধূসৰ পথাৰ ...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,117
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,331
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099