পথাৰ বুলি ভাবিছিলো তোমাক ।
সোন গুটীৰে ভৰপূৰ
আঘোনৰ সোনোৱালী পথাৰ ।
শাওনৰ পথাৰত কেছাঁমাটিৰ গোন্ধত
সৃষ্টিৰ পাতনি মেলে সেউজীয়া কঠিয়াই ।
তুমি তাৰ কোনোটোই নহ'লা
নহ'লা শাওন কিম্বা আঘোনৰ পথাৰ ।
সৃষ্টিৰ আদিত কষ্ট থাকে
ইতিত জোৱাৰ উঠে আনন্দৰ ।
তুমি যিহেতু পথাৰ নহ'লা
কেনেকৈ জানিবা সৃষ্টিৰ আদিপাঠ !
এটোপাল পানীৰ আশাত
কেনেকৈ তৃষ্ণাতুৰ হয় এডাল কঠিয়া,
অথবা, এসাগৰ পানীয়ে
কেনেকৈ ধ্বংস কৰে শস্যৰ প্ৰাণ,
সেই কথা তুমি কেনেকৈ জানিবা
যিহেতু তুমি পথাৰ নহোৱা !
অ' নহয়...নহয়...
তুমিও এখন পথাৰ !
এৰা, তুমি এখন ফাগুণৰ লঠঙা পথাৰ !
বৰদৈচিলাৰ প্রেমত যাৰ মাতাল আত্মা ।
শাওন অথবা আঘোনৰ দৰে
নাই তোমাৰ পথাৰত সৃষ্টিৰ উৎস ।
তোমাৰ পথাৰত সুলভ কেৱল
বৰদৈচিলাৰ উতনোৱা বতাহ... ।