পিতাই ------ শিখাজ্যাতি শৰ্মা

শৈশঁৱৰ দিনবোৰ ঘূৰাই পোৱা হ'লে এবাৰ
তোমাৰ বোকোচাত উঠি আকৌ এবাৰ উমলিব পাৰিলো হেঁতেন ৷
তোমাৰ আঙুলিত ধৰি অলং দলং খেলিলো হেঁতেন ৷
তোমাৰ বুকুৰ মাজত সোমাই পৰীদেশৰ সাধু
শুনি শুনি টোপনি গ'লো হেঁতেন ৷
মাৰ গালিবোৰৰ পৰা বাচিবলৈ
তোমাক যে অস্ত্ৰ হিচাপে লৈছিলো মনত আছেনে পিতাই!
কিমান ধুনীয়াকৈ তুমি আমাক শিঁকাইছিলা জীৱন যুদ্ধত
জয়ী হোৱাৰ প্ৰতিটো ৰণকৌশল ৷
তোমাৰ ছত্ৰছায়াত নিৰাপত্তা অনুভূত হৈছিল,হাজাৰ দুখক
নেওঁচা দিয়াৰ মনোবল আয়ত্ত্ব কৰিছিলো ৷
তুমি আমাৰ সুখৰ কাৰণে নিজৰ ইচছা বাসনাক ত্যাগ কৰিছিলা
হাঁড়ক মাটি কৰি আমাৰ সোণালী ভৱিষ্যত গঢ়িছিলা ৷৷
দুখ লাগে পিতাই তোমাৰ বাবে একোৱেই কৰিব নোৱাৰিলো৷
তোমাৰ হেঁপাহৰ ঘৰখন এৰি সমাজৰ মাজত ওৰণি টানি
আনৰ বৰঘৰহে শুৱনি কৰিলোহি ৷
ছোৱালী হোৱাৰ পৰম্পৰাগত ধৰ্ম পালন কৰিলো ৷
মোৰ বিদায়ৰ পৰত তুমি যে মুখ ঢাকি কান্দিছিলা সেই
স্মৃতিয়ে আজিও তুঁহজুই হৈ দহে ৷৷
অসহায়ভাৱে নিৰৱ দৰ্শক হৈ ৰ'লো কেৱল৷
তোমাক শান্তনা দিবলৈ ভাষা হেৰাই গৈছিল৷
কিমান স্বাৰ্থপৰভাৱে তোমাক এৰি আহিলো সোঁৱৰণীৰ কুটিল
গৰ্ভত ৷
পিতাই নোৱাৰো শুজিব তোমাৰ ধাৰ৷৷
পৃথিৱীৰ আটাইতকৈ কঙাল যে তোমাৰ মুমু ৷

*******************************************************************
শিখাজ্যাতি শৰ্মা
ডিগবৈ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,896
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,477
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,158
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,904
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,698