(প্রয়াত পিতাইৰ পবিত্ৰ স্মৃতিত শ্রদ্ধাৰে)
ৰাতিপূৱা শেতেলি এৰাৰ পৰাই
পিতায়ে মনত মৰণা যোৰে
জটিলৰ পৰা বেছি জটিল হয়
গেৰধৰা মৰণাৰ কেকুঁৰি লগা পাক
ভাৱনাৰ এছাৰি পকাই
সময়ৰ চোতালত
পিতাইৰ বুকুত ভৰপূৰ
মৰণাৰ জটিল পাক
মই পিতাইৰ কাইটীয়া বাটত
গজি উঠো
জোনালী নিশাৰ মায়াবী পোহৰ হৈ
পিতাইৰ বুকুত লহপহ আঘোণী পথাৰ হৈ
সোঁৱৰণীৰ বাটেৰে গুছি গ’ল পিতাই
মোৰ বুকুত দি গ’ল
জটিল মৰণাৰ কেকুঁৰি লগা পাক
আজিকালি কুকুৰা ডাকত উঠি
পিতায়ে মৰণা যোৰাৰ দৰে
মইওঁ যোৰো
মৰণাৰ পৰা সপোনৰ থোক চিঙে
ঠিক পিতাইৰ সপোন চিঙাৰ দৰে
পিতায়ে দি যোৱা মৰণাৰ পাক
মই বৈ ফুৰো
য’লৈকে যাওঁ তালৈকে
ককাৰ পৰা পাইছিল পিতায়ে
পৈত্ৰিক সম্পত্তি হিচাপে
সময়ৰ চোতালত
গতানুগতিক জীৱন মৰণাৰ পাক ।