পুৰণি কামিজটো পিন্ধিলো,
অতীত বোৰ জী উঠিল ।
সপোন বোৰ জী উঠিব লওঁতেই সাৰ পালো ।।
খহি পৰিল সপোনৰ ৰংচঙীয়া আৱৰণ ।।।
উদাস, নিৰলস, বুজিব নোৱাৰা ধৰণৰ ।।।
এতিয়া……
পুৰণি কামিজটো খুলি - সামৰি বান্ধি থলো…
অতীতবোৰ অতীত হৈ থকাই ভাল ।
সপোন বোৰ সপোন হৈ থকাই ভাল ।
সপোন ভাঙিলে যে জীৱনো ভাগে ।
সপোন ভাঙিলে যে উশাহো ভাগে ।।।।