পোৱা - নোপোৱা জীৱন --- জোন কলিতা

পোৱা - নোপোৱাৰ এই মিশ্ৰিত জীৱন,
সুখ-দুখৰে ই অনুভূতি হয় ৷
জীৱন আমাৰ ৰণাংগন,
যুঁজাৰু আমি জাগ্ৰত প্ৰহৰী হয় ৷
হাঁহি-কান্দোন এটি মুদ্ৰাৰে
মাথো ইপিঠি-সিপিঠি ৷
পোহৰৰ ছাঁ এন্ধাৰত হয় বিলীন,
ভাগৰত লাগে আমাক জিৰণি ৷

যদিহে বিছৰাটোক পোৱা তুমি জীৱনত,
হেৰুৱাবলে বাকী থাকিবনো কি ?
হেৰাইওঁ আমেজ আছে ,
কান্দোনৰো অৰ্থ আছে ৷

যদিহে বিছৰাটোক পোৱা তুমি জীৱনত,
যুঁজিবলে থাকিবনো কি ?
যুঁজাৰো আমেজ আছে ,
জয়-পৰাজয়ো আমাৰ আছে ৷
ভূলৰ পৰাওঁ শিকিব পাৰি ,
ভূলৰ পৰাই নতুন ৰাষ্টা মুকলি ৷
পূৱ দিশৰ বেলি পশ্চিমত মাৰ গৈ
আকৌ নতুন প্ৰভাত হৈ
মৰহা ফুলত হাঁহিৰ খলকনি তোলি
সিক্ত শৰীৰ সুপ্ত হয় ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,468
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,419
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677