প্ৰতিক্ষাৰ অৱশেষ ক'ত ? --- প্ৰীতিৰেখা দাস

জোনলৈ মুখ কৰি

বাট চাই আছিলো অতদিনে

আহিবা বুলি শুকুলা ঘোঁৰাট উঠি

জোনাকৰ দেশৰ পৰা ৷

নিয়ৰে তিওৱা নিজানত

তোমাৰ ছৱি আঁকো ৰামধেঁনু ৰঙৰে ৷

ঠুনুকা হিয়াৰ আচঁলত সযতনে সাচি থওঁ

মোৰ প্ৰথম প্ৰেমৰ সোণাৰোৰঙী স্বপ্নীল অনুৰাগ ৷

ক'ত শীত গ'ল

ক'ত বসন্ত ...

তুমি নাহিলা ৷

প্রতি সন্ধ্যা হিয়াৰ পদূলিয়েদি নামি আহিল

মাথোঁ বিষাদলগ্না জোন ৷

পাহৰিছা নেকি তুমি বাৰু মোৰ হৃদয়ৰ ঠিকনা ?

অসীম ভালপোৱাৰ ভাষা ?

যদিহে পাহৰা নাই

তেনেহলে জীৱনৰ লগতে

হৃদয়ৰো ঘটে নেকি অপমৃত্যু ?

আহিব নোৱাৰা নেকি উভতি তুমি তৰাৰ দেশৰ পৰা ?

তোমালৈ বাট চাওতে চাওতে ভাগৰি পৰিছো মই

ভাগৰি পৰিছে মোৰ মৰমবোৰে ৷

নিশাৰ আকাশত তুমি জ্বলি আছা নিৰৱে ৷

তুমিয়ে কোৱা মোৰ প্ৰতিক্ষাৰ অৱশেষ ক'ত ?

অৱশেষ ক'ত ?

অবশেষ ক'ত ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,726
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,800
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,338
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,560