প্ৰতিশ্ৰুতিবোৰ থুনুকা বুইছে , ইয়াক কটকটীয়া কৰিব পাৰি বিশ্বাসৰ মজবুত শিকলিডালেৰে । সকলো সমন্ধৰ মাজতে প্ৰেম বিৰাজমান ,কিন্তু সমন্ধবোৰ খন্তেকীয়া ,প্ৰেম যুগমীয়া যদিও ইয়াক আমিহে যুগমীয়া কৰিব লাগিব সেয়াও প্ৰতিশ্ৰুতিবোৰ পালন কৰি । জীৱনটোও এজোপা ডাঙৰ গছ বুলি ধৰি ল'ব পাৰে তাত বিশ্বাস হৈছে শিপা,প্ৰেম হৈছে ডাল আৰু প্ৰতিশ্ৰুতি হৈছে চিৰসেউজ পাতবোৰ । প্ৰতিশ্ৰুতিবোৰ পালন কৰাৰ পাছতেই সৰি যায় তললৈ আকৌ ন -কুঁহি ওলায় প্ৰেমৰ ৰোমন্থনত ।
#জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে মন উতলা কৰে...............
এই গীতটি ৰ মাজত যি আবেগ, অনুভূতি জড়িত হৈ আছে,সেই আবেগৰ সুখানুভুতিয়ে নিশ্চয় মোৰ দৰেই আপোনালোকৰ ও মন প্ৰাণ উত্ৰাৱল কৰি থৈ যায় ।
.
আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে । সকলোতে এতিয়া শৰৎ শৰৎ লগা শাৰদীয় বতৰ । মোৰ হেঁপাহৰ শৰৎ ,তোমাক আন্তৰিকতাৰে স্বাগতম জনালোঁ ।
.
শৰৎ বুলিলেই মনলৈ আহে উৎসৱ মুখৰ পৰিৱেশ । শৰৎ হ’ল হেঁপাহৰ উৎসৱ । শৰতৰ আগমনীয়ে চৌদিশে আনন্দ ৰ লহৰ সিঁচৰতি কৰে দি যায় । শৰৎ ঋতুত প্ৰাণ পাই উঠে কবিৰ অনুভৱ। শাৰদী ৰাণীক লৈ কবি, গীতিকাৰ, সাহিত্যক সকলৰ বৰ্ণনাৰ অন্ত নাই , তেওঁলোকৰ কল্পনাই সৰগ ৰচে ।
.
শৰৎ সৌন্দৰ্য্য ৰ প্ৰতীক । শৰতৰ স’তে যেন শেৱালি ৰ এক আজন্ম সম্পৰ্ক । শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুনে বঢ়ায় ।
.
পুৱতি নিশা শুভ্ৰ শেৱালিয়ে উকা চোতাল খন অধিক মোহনীয় কৰি তোলে । সেউজীয়া পথাৰ খনি ও যৌৱন প্ৰাপ্ত হয় শৰতৰ বুকুত ।
.
শৰৎ কেৱল এটা শব্দ বা ঋতু নহয় । শৰৎ হৈছে আনন্দৰ এখন নৈ, আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্ৰতীক ।
.
শৰৎ বুলি ক’লেই আপোনালোকৰ মনলৈ আহে নে এক অবুজ শিহৰণ ?
.
স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে নে?
.
শেৱালি ফুলাৰ বতৰতে কঁহুৱা শুভ্ৰতাত আপোনালোক হৈ পৰে নে মোৰ দৰেই দিশহাৰা ?
.
দুৱৰিত বিচাৰি পাওঁ মই নিয়ৰৰ মুকুতা । দুবৰি বনৰ নিয়ৰৰ দলিছা গছকি শৰতৰ আগমন হয় । বিলীন হৈ যায় মন মোৰ সেই অপূৰ্ব সৌন্দৰ্য ত । শাৰদীয় জোনাকৰ স্নিগ্ধ পোহৰত হৃদয়ৰ অনুৰাগ প্ৰকাশিত হয় । দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিৰাই উপশিৰাই বৈ যায় শেৱালিৰ সুবাস ।
.