সৌৱা প্ৰেমৰ চিতা জ্বলিছে,
উচুপি উঠিছে কুৰিখন হৃদয়,
বহু ব্যক্তিৰ বহু প্ৰশ্ন, প্ৰেম আজি
মিনা কৰা হাতনি পেৰাত আবদ্ধ!
প্ৰেমাস্পদ জীৱনৰ পাতনি মেলা বাটত
ভটিয়নি যাত্ৰা মোৰ,
বাটৰ উৰুঙা বতাহ জাকে আহি
বাৰুকৈয়ে উৰুৱাইছে ফটা কামিজটোক
হেঃ মোৰ প্ৰেয়সী,
নাভাবিবা মই নিসংগ বুলি
তোমাৰ প্ৰেমে কাজলি ভৰাই দি যোৱা
দুখ মোৰ এতিয়া প্ৰিয় সুহৃদ,
এক ক্ষত-বিক্ষত
হৃদয়ক পুনৰ গঢ় দিয়া
আপ্ৰাণ প্ৰয়াস মোৰ
জীয়াই থকাৰ হেঁপাহত
জীয়াইতো মই থাকিব লাগিব...