প্ৰবন্ধ :: অসমত প্ৰাপ্ত সাপ সমুহ --- জয়দীপ চক্ৰৱৰ্ত্তী

অসমত প্ৰাপ্ত বেছিভাগ সাপৰেই বিষ নাই, কিন্তু মানুহৰ সাপকলৈ থকা অহেতুক ভীতি, আমাৰ ধৰ্মীয় কাহিনীবোৰত সাপকলৈ ৰচনা কৰা অতিৰঞ্জিত কল্পকাহিনীবোৰ, সাপকলৈ বনোৱা নানান চলচিত্ৰত সাপৰ ভূমিকাই সৰুৰেপৰা আমাৰ মনত প্ৰকৃতিৰ এই অপূৰ্ব সৃষ্টিৰ প্ৰতি মিছাতেই এক অসহনীয়তা আনি দিছে। আন বেছিভাগ জীৱ-জন্তুৰ দৰেই সাপো এক নিৰিহ জন্তুহে মাত্ৰ। ফেঁটি, ক্ৰেইট আৰু ভাইপাৰ জাতীয় এই তিনিবিধ সাপৰ বাহিৰে অসমত প্ৰাপ্ত আন কনো সাপৰেই বিষ নাই। কিন্তু বাটেঘাটে, পথাৰত এই সাপবোৰৰ খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই আহিলেই এচাম মানুহৰ চকুত পৰা মাত্ৰকে নিজৰ জীৱন দিব লগীয়া হয় এই প্ৰাণীবিধক, বিনাকাৰণতে কেৱল মানুহৰ অসহনশীলতা আৰু সাপৰ প্ৰতি থকা জ্ঞানৰ অভাৱগ্ৰস্থতাৰ বাবে।

সাপ সম্পৰ্কে থকা কেইটামান ভ্ৰান্ত ধাৰণা :

  • সাপে গাখীৰ খায়।
  • কিছুমান সাপৰ মনি থাকে, যি মনি অতি আপুৰুগীয়া আৰু মূল্যবান।
  • সাপে মনত ৰাখিব পাৰে, আৰু এবাৰ আক্ৰমণ কৰা মানুহক পিছত খেদি প্ৰতিশোধ লব আহে।
  • সাপে পেঁপাৰ তালেতালে নাচে।
  • সাপে কামুৰিলে বেজে মন্ত্ৰ-তন্ত্ৰৰ দ্বাৰা আৰোগ্য কৰিব পাৰে।
  • কিছমান সাপে উৰিব পাৰে।

এইবোৰ অবৈজ্ঞানিক আৰু গোটক মিছা কথা । আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ শিক্ষিত প্ৰায় মানুহো এইবোৰ কথা বিশ্বাস কৰে । কেৱল উৰণীয়া সাপ বোলা এটা প্ৰজাতীৰ সাপে নিজৰ দেহাটো চেপেটা কৰি গ্লাইডাৰৰ দৰে কিছুদেৰিলৈকে যাবহে পাৰে ।

অসমত প্ৰাপ্ত বিষাক্ত সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক---

সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper)

ডাঙৰ পৰ্বতীয়া ভাইপাৰ (Jerden's Pit Viper)

হালধীয়া ভাইপাৰ (White-lipped Pit viper)

শংখচূড় (Banded Krait)

চকৰি ফেঁটি (Monocellate cobra)

ৰাজ ফেঁটি (King Cobra)



অসমত প্ৰাপ্ত বিষহীন সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক---

সৰু-খন্তীয়া সাপ (Brahminy Blind Snake)

বৰ-খন্তীয়া সাপ ( Diard's Blind Snake)

অজগৰ (Burmese Python)

ঢোঁৰা (Checkered Keelback)

মচোৱা গোম, হুলাবাৰিয়া, কালডাৰাইছ (Indian Rat Snake)

বামুনী সাপ, জুনিয়া (Striped Keelback)

কৰ্শলা,কাণশলকা, এছাৰি (Painted Bronzeback)

খুকুৰি সাপ (White-barred Kukri Snake)

মৰালি, মাল্লিবৰ ( Common Wolf Snake)

শামুক খোৱা সাপ (Assam Snail Eater)



অসমত প্ৰাপ্ত সামান্য ভাবে বিষাক্ত সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক---

নকলি ভাইপাৰ (Common Mock Viper)

লতাসাপ, বেজীমুখি, পাতসাপ, লাউডোগা (Short-nosed Vine snake)

গকুল মেকুৰী সাপ (Eastern Cat Snake)

কলপতীয়া মেকুৰী সাপ (Green Cat Snake)

সুন্দৰী সাপ, কালনাগিনী, উৰণীয়া সাপ (Ornate Flying Snake)

মেনি, গেমেটীয়া ঢোঁৰা (Common Water Snake)

পাহাৰী বাটচুপা (Himalayan Keelback)

বাটচুপা (Red-necked Keelback)

---------------------------------------------------

***এই টোকাটো বিভিন্ন ৱেব'চাইত আৰু উত্তৰ-পূৱ ভাৰতৰ উভচৰ আৰু সৰীসৃপ নামৰ কতাপখনৰ সহায়ত যুগুতৱা হৈছে ।

ছবিঃ ইন্টাৰনেট (Internet)

---------------------------------------------------

সাপ সম্পৰ্কে থকা কেইটামান ভ্ৰান্ত ধাৰণা :
  • সাপে গাখীৰ খায়।
  • কিছুমান সাপৰ মনি থাকে, যি মনি অতি আপুৰুগীয়া আৰু মূল্যবান।
  • সাপে মনত ৰাখিব পাৰে, আৰু এবাৰ আক্ৰমণ কৰা মানুহক পিছত খেদি প্ৰতিশোধ লব আহে।
  • সাপে পেঁপাৰ তালেতালে নাচে।
  • সাপে কামুৰিলে বেজে মন্ত্ৰ-তন্ত্ৰৰ দ্বাৰা আৰোগ্য কৰিব পাৰে।
  • কিছমান সাপে উৰিব পাৰে।

এইবোৰ অবৈজ্ঞানিক আৰু গোটক মিছা কথা । আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ শিক্ষিত প্ৰায় মানুহো এইবোৰ কথা বিশ্বাস কৰে । কেৱল উৰণীয়া সাপ বোলা এটা প্ৰজাতীৰ সাপে নিজৰ দেহাটো চেপেটা কৰি গ্লাইডাৰৰ দৰে কিছুদেৰিলৈকে যাবহে পাৰে ।

অসমত প্ৰাপ্ত বিষাক্ত সাপ কেই বিধৰ লগত চিনাকি হওঁ আহক---

সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,155
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,808
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:390
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,923
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,755