
মই সপোন এটা দেখিছিলো !!! এক ব্যতিক্ৰমী সপোন !
নাৰী স্বাধীন হোৱাৰ সপোন !
সপোনবোৰ জানো বাস্তৱ হ’ব পাৰে !!! কিন্তু বাস্তৱ মুখী কৰাৰ প্ৰয়াস নিশ্চয় কৰোঁ ।
লিখিবলৈ হাতত কলম লৈ ভাবিছো হৃদয়ৰ ভিতৰত কোনেও কাকো চুব নোৱাৰা এমুঠি বিষাদৰ জুই দেখোন মোৰ হিয়াত জ্বলিব লৈছে । এই জুই নুনুমোৱালৈকে মই লিখি যাম আজি ।
নাৰী দিৱস কেৱল শব্দত নহয় ব্যৱহাৰৰ পৰা হে চলাই যাব লাগিব । অত্যাচাৰ কৰাজনতকৈ অত্যাচাৰ সহ্য কৰা বেছি দোষী । হৈ থকা অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সৎ সাহস সকলো নাৰীৰ থাকিব লাগে ।
এই দিৱস পোন প্ৰথমে আমেৰিকাত ১৯০৯ চনত পালন কৰা হৈছিল । ১৯১৪ চনৰ ৮ মাৰ্চ ৰ পৰা নাৰী দিৱস হিচাপে পালন কৰা হ’ল ।
নাৰী দিৱসৰ মূল উদ্দেশ্য হ’ল লিংগ বৈষম্য আতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা , নাৰী সকলৰ সকলো শোষণৰ পৰা মুক্ত কৰা ইত্যাদি ।
নাৰী সকলক ভোট দিয়াৰ অধিকাৰ আছে । আজিও বহুতো ঠাইত নাৰীক ভোট দিব নিদিয়ে । নাৰী দিৱসৰ অইন এক উদ্দেশ্য হ’ল নাৰী জাতিক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিয়া । মহিলা অবিহনে সৃষ্টি অসম্ভৱ । সেয়ে নাৰীক ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সকলো সুখ সুবিধা দিয়াৰ উদ্দেশ্যে গোটেই বিশ্বত নাৰী দিৱস উৎযাপন কৰা হয় ।
কিন্তু এইখিনিতে প্ৰশ্ন আহে কিয় পালন কৰি আছোঁ এই দিৱস আমি ? এই দিৱস পালন কৰিলে নাৰীৰ মৰ্যাদা বাঢ়িছে ? নাৰীৰ সবলীকৰণৰ প্ৰতি সমাজ অধিক সজাগ হৈছে ? যদি এই কথাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা হৈছে তেন্তে অত্যন্ত সুখবৰ কিন্তু মোৰ বোধেৰে এই এটি মাথোঁ দিৱস হে মাথোঁ হৈ পৰিছে । যেনেকৈ পাশ্চাত্যৰ জুইকুৰা আমাৰ সাহিত্য সংস্কৃতিত শিপাই সৈতে বহি আছে এই দিৱস ও সেই একেই দৰে আমাৰ মাজত আছে ।
নাৰী হ’ল শক্তি । সেয়ে নাৰীক মা দূৰ্গা আৰু কেতিয়াবা মা কালিৰ ৰূপত অংকন কৰা হয় । নাৰী মানেই দেৱী !
সেয়ে নাৰীক সন্মান কৰি বহুত ঠাইত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে ! নাৰী শিক্ষিত হ’লেহে দেশৰ উন্নতি হ’ব ।
নাৰী দিৱসৰ যদি মূল্য আছে তেনেহ’লে উন্নয়ন শীল দেশবোৰত ডাইনী হত্যা , নাৰী বলৎকাৰ , দেহ ব্যৱসায় , যৌতুক প্ৰথা , কন্যা ভ্ৰূণ হত্যা আদিৰ দৰেই নানান কুসংস্কাৰেৰে নাৰীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ নিৰ্যাতন কিয় দিনে বাঢ়ি আছে ?
আজিৰ যুগত ভাৰতীয় নাৰীয়ে সময়ৰ লগত খোজ মিলাই পুৰুষৰ সমানেই আগবাঢ়ি আহিছে । নাৰী আৰু পুৰুষৰ পৰিপুকতাত হে এখন সমাজ বৰ্তি আছে । নাৰীক বাদ দিলে পুৰুষ জাতি অকলে বিকলাংগ হৈ পৰিব । এজনক বাদ দি অইন এজন অচল, অসম্পূৰ্ণ ।
এইয়া পুৰুষ তান্ত্ৰিক সমাজ সেয়ে নাৰী সদায় অৱহেলিত নিৰ্যাতিত পুৰুষৰ হাতত । আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ তিনি কুৰি আঠ বছৰৰ পিছত ও নাৰীয়ে স্বাধীনতা নাপালে ।
ৰাতিপুৱা উঠি বাতৰি কাকত বোৰত চকু ফুৰালেই মাথোঁ দেখা পাওঁ নাৰী নিৰ্যাতিত বাতৰি । এজনী নাৰীৰ শৰীৰ বলৎকাৰৰ এই বাতৰি বোৰ বহুতৰ বাবে মাথোঁ খবৰ !!! কিন্তু শৰীৰৰ বলৎকাৰৰ বাতৰি যেতিয়া স্বয়ং সেই ভুক্তভোগী নাৰীয়ে অথবা সেই পৰিয়ালে পায় তেতিয়া সমাজৰ চোকা দৃষ্টি আৰু নাক কোচাই দিয়া ইংগিত বোৰে কিমান নাৰীৰ হৃদয় বলৎকাৰ কৰে বুজিব জানো সেই চাম পুৰুষে ??
নাৰীক বাৰু কেতিয়া লৈকে পুৰুষে নিজৰ হাতৰ চাবি দিয়া পুতলা ভাবিব ?
নাৰীৰ পূৰ্ণতা কোনে বাচি ল’ব ? পুৰুষে নে স্বয়ং নাৰীয়ে ?
নাৰীৰ পূৰ্ণতা কিহত ? পুস্পিতাত, বিবাহত, মাতৃত্বত..... কিহত ?
বিশ্ব নাৰী দিৱস পালন কৰিলেই জানো নাৰীৰ যন্ত্ৰণা ময় ছবিখন নাইকিয়া হৈ যাব ?
ভাৰতৰ দৰে গনতান্ত্রিক দেশ এখনত নাৰীৰ অস্তিত্ব নো কোন ! তাৰ বাবে জগৰীয়া কোন ? আমাৰ শিক্ষা ব্যৱস্থা , আমাৰ সমাজ ব্যৱস্থা নে মা বাপেকীৰ সংস্কাৰ ???
নাৰী সুৰক্ষাৰ কাৰণে চৰকাৰে বিভিন্ন আইন নানান আচনী জাৰি কৰিছে কিন্তু সেয়া সম্পূৰ্ণ ৰূপত ফলপ্ৰসূ হৈ নুঠে । কাৰ দোষৰ বাবে ? জগৰীয়া কোন তাৰ অন্তৰালত.. ? নাৰী মাতৃক সকলোৱে শ্ৰদ্ধা কৰা উচিত কিন্তু এচাম বোন্দা মেকুৰীৰ কবলৰ পৰা নাৰী মুক্ত হ’ব নোৱাৰা হৈছে !
অতিকে স্বাৰ্থপৰ ভোগবাদী জঘন্য ব্যক্তিয়েও যদি এবাৰ অন্তৰৰ পৰা আওৰাব তেতিয়া বুজিব পাৰিল হয় মাতৃৰ ত্যাগ মমতা বলিদানৰ কথা !
মানুহ মাত্ৰ ভুল হয় কিন্তু ভুলৰ পৰা শিক্ষা ল’ব লাগিব আমি নিজেই । ভুল সংশোধন কৰি আমি
নতুনকৈ জীৱন পাব পাৰো ৰত্নাকৰ দশ্যুয়ে বাল্মিকী মুনি হোৱাৰ দৰেই !!!!
শেষত নাৰী দিৱসৰ দিনা সকলো নাৰীকে আমাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্বাপন কৰিলোঁ !
আঁশা কৰো কোনো পুৰুষৰ কামনাৰ বলি নাৰী আৰু নহয় যেন । নাৰীক দিয়ক সৎ সাহস অন্যায়ৰ বিৰুদ্ধে কথা কোৱাৰ ।
নাৰী তুমিয়েই সৃষ্টি তুমিয়েই ধ্বংসৰ কাৰণ !
সমাজত যাতে নাৰীয়ে সকলো সুখ সুবিধা সন্মান পাই তাৰ কামনা সদায় কৰোঁ ।
নাৰী দিৱসৰ উদ্দেশ্য যাতে ফলপ্ৰসূ হৈ উঠে তাৰেই আশা কৰিলোঁ !!!!