প্ৰবন্ধ :: বিষাদৰ প্ৰতীক হেনো শেৱালি --- মঞ্জুষা দেৱী

শাৰদীয় জোনাক নিশা ৰাতি ফুলা ফুল শেৱালি হেনো বিষাদৰ প্ৰতীক । শুভ্ৰ বগা, কমলা ৰঙৰ ঠাৰিৰে শৰতৰ জোনাক নিশা পৰম আৱেগেৰে পাহি মেলি ৰাতিবোৰ মায়াময় কৰি তোলা শেৱালি ফুলৰ আছে হেনো এক জন্ম ৰহস্য । ৰাতিৰ ৰাণী শেৱালি, তুমি কেৱল ৰূপৰেই বিভূষিতা নহয় , গুণতো অনুপম তুমি । তথাপিও কয় তোমাক বিষাদৰ প্ৰতীক ।
আহকচোন আমিও জানি থ‌ওঁ---- শেৱালিৰ আৱেগভৰা হাঁহিৰ আঁৰত থকা কি এই জন্ম ৰহস্য । কিয় কয় শেৱালিক বিষাদৰ প্ৰতীক ।
আমি পঢ়িবলৈ পাইছিলোঁ যে-- বিষ্ণু পুৰাণ মতে শেৱালি ব‍্যৰ্থ প্ৰেমৰ প্ৰতীক । বৰ্ণিত কাহিনীমতে পাৰিজাতক নামৰ এগৰাকী ৰাজকুমাৰীৰ সৈতে সূৰ্য দেৱতাৰ গভীৰ প্ৰেম আছিল । প্ৰেমৰ সাগৰত দুয়ো উটি-ভাহি ফুৰিছিল । কিন্তু দিন যোৱাৰ লগে লগে পাৰিজাতকৰ প্ৰতি সূৰ্য দেৱতাৰ আৰ্কষণ কমি আহিবলৈ ধৰে আৰু এদিন হঠাতে নিষ্ঠুৰভাবে পাৰিজাতকক প্ৰতাৰণা কৰি সূৰ্য দেৱতা আঁতৰি যায় । সূৰ্য দেৱতাৰ প্ৰতাৰণাত হৃদয় চূৰ্ণ-বিচূৰ্ণ হোৱা পাৰিজাতকে হেৰুৱাই পেলাই জীৱনৰ সমস্ত আশা-বিশ্বাস আৰু জীয়াই থকাৰ উচ্ছাস । শেষত দুখৰ পৰিত্ৰাণ বিচাৰি তেওঁ বাচি লয় আত্মহত্যাৰ পথ । প্ৰতাৰিত ৰাজকন‍্যা পাৰিজাতকৰ মৃতদেহ সৎকাৰৰ পাছত ছাইসমুহৰ মাজত গজি উঠে এজোপা শেৱালি ফুলৰ গছ । অভিমানী প্ৰেমিকা পাৰিজাতকৰূপী শেৱালিয়ে পিছে কোনোকালেই নাচালে প্ৰতাৰক প্ৰেমিক সূৰ্য দেৱতাৰ মুখ । সেইবাবেই পৰম আৱেগেৰে হেঁপাহৰ পাহি মেলি ৰাতিবোৰ মায়াময় কৰি তোলা শেৱালিয়ে পুৱালৈ সূৰ্য্যোদয়ৰ পূৰ্বেই মাটিত সৰি পৰি পৃথিৱীক সাৱতি ধৰে ।
আৰু তেতিয়াৰে পৰা বিশ্বাস কৰা হয় বিষাদৰ প্ৰতীক হেনো শেৱালি ফুল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,052
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,697