প্ৰবন্ধ :: ভাষা আৰু বিশ্বাস : কিছু বিক্ষিপ্ত চিন্তা --- জিতেন বেজবৰুৱা

(১)
ইংৰাজী কোৱা দেশবিলাকতো ফেঁচা আছে। আমাৰ ইয়াত ফেঁচাই ‘নিউ’ (নিওঁ) বুলি মাতিলে আমি গম পাই যাওঁ – হয়, কাৰোবাক ‘নিব’, অৰ্থাৎ কাৰোবাৰ মৃত্যু হ’ব। ইংৰাজীভাষী দেশত ফেঁচাই ‘নিউ’ (new) বুলি মাতিলে মানুহে চাগে ভাবে – হয়, কিবা ‘নতুন’ ঘটনা এটা ঘটিব এতিয়া। তেনেহ’লে আমি বুজিম নেকি যে অসমৰ ফেঁচাবোৰে অসমীয়া ভাষাত মাতে, ইংৰাজীভাষী মানুহ বাস কৰা ঠাইৰ ফেঁচাবোৰে ইংৰাজী ভাষাত মাতে? তেনেহ’লে বুজা যাব যে ফেঁচা এটাই যি ভাষাভাষী লোকৰ ঠাইত বাস কৰে সেই ভাষাতে আমি তাৰ মাতটোৰ অৰ্থোদ্ধাৰ কৰিব লাগিব। কিন্তু ফেঁচাটোৱেতো যিকোনো ঠাইতেই তাৰ নিৰ্দিষ্টধৰণৰ মাতেই মাতিব – মানুহেহে নিজা নিজা ভাষাত তাৰ অৰ্থ উলিয়ায়। তেন্তে ভাবকচোন, ‘নিউ’ শব্দটোৰ অৰ্থ বিভিন্ন ভাষাভাষীয়ে নিজাকৈ বুজিবলৈ হ’লে কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব! সৰহভাগ ভাষাতে ই এটা অৰ্থহীন ধ্বনিসমষ্টিহে হ’ব হয়তো। আচলতে ‘নিউ নিউ’, ‘কু কু’, ‘চিপ্ চিপ্’ আদিবোৰ কিছুমান ধ্বন্যাত্মক শব্দ : জীৱ-জন্তুৰ মাত বা প্ৰকৃতিত সৃষ্ট বিভিন্ন ধ্বনিৰ অনুকৰণত কোনো এটা ভাষাত থকা যথাসম্ভৱ সাদৃশ্যযুক্ত ধ্বনিৰে এই শব্দবোৰৰ সৃষ্টি হৈছে। সেইবাবেই ভাষাভেদে ধ্বন্যাত্মক শব্দ বেলেগ বেলেগ হয়। ‘নিউ নিউ’টো অসমীয়া ভাষাৰ ধ্বন্যাত্মক শব্দহে, ইংৰাজীত ফেঁচাৰ মাতটোক hoot hoot বুলিহে কয়! আকৌ, কুলিয়ে ক-বৰ্ণটো উচ্চাৰণ কৰি কু কু নকৰে, কৰিব নোৱাৰে, সেই ক্ষমতা কেৱল মানুহৰহে আছে। কুলিৰ মাতটো যদি কু কু নকৈ টু টু বা টৌ টৌ বা কিবাকিবি কওঁ তথাপি ভুল নহ’ব, আপুনি কুলিৰ মাতটো শুনি পৰীক্ষা কৰি চাব পাৰে। (এই লেখকে সৰুতে বৰ একাগ্ৰতাৰে সেই পৰীক্ষা কৰি চাইছিল কিবা অনুসন্ধিৎসাত।) একেদৰে বৰষুণজাক দিওঁতেও চি-ৰ লগত ব্যঞ্জনান্ত প এটা উচ্চাৰিত (চিপ্ চিপ্) নহয়। ফেঁচাৰ মাতটোৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য ।

(২)

“অ’ ফ্ৰা বান্ লাই চক্-লং চি-চিম্ হেউ টিম।”

(হে প্ৰভু, আমাৰ বিবাহ যেন সুখৰ হয়) –চকলং প্ৰথাত বিবাহ অনুষ্ঠানৰ আৰম্ভণিতে দৰা আৰু কইনাই বেদীলৈ ফুল আৰু চাউল ছটিয়াই এনেদৰে টাই ভাষাত গায়। বিবাহ অনুষ্ঠানৰ এটা পৰ্যায়ত কইনাৰ দেউতাকে কইনাৰ সোঁহাতৰ বুঢ়া আঙুলি দৰাৰ হাতৰ বুঢ়া আঙুলিৰ ওপৰত থৈ নিজৰ হাতৰ তলুৱাৰ মাজত ধৰি গায় :

“চাও নুৰু চাও চাও ঐ
বান্ নাই লুক চাও কাও নাং চাও কাও
লি চাও কাও, খাং না ৰাই চি হাং খাং খা
হেও মৌ, কু মৌ হিনু আও তা।”

(হে সৰগৰ দেৱতা, তোমাক সাক্ষী কৰি মোৰ কন্যাক এই দৰালৈ সম্প্ৰদান কৰিলো। দৰাক উদ্দেশি – মই মোৰ কন্যাক তোমাৰ হাতত গতালো। তেওঁক তুমি চেনেহেৰে ৰাখিবা।) দৰাই কইনাক গ্ৰহণ কৰি গাব :

“খুং নু মৌ চাও কাও ডি ডি, চি হাপ আও জাও
কাও হাং লুক চাও লাং চাও পি চাও
আ কাও লান্ চাও মৌ চাও ডি ডি চি টি ৱাই জাও।”

(মই সন্মানেৰে আপোনাৰ দান গ্ৰহণ কৰিলো। মই মোৰ সকলো মৰম-চেনেহেৰে তেওঁক মোৰ লগত ৰাখিম।) –বিবাহৰ এটা পৰ্যায়ত কইনাৰ দেউতাকে দৰাৰ হাতত হেংদান প্ৰদান কৰি গাব :

“আও খ্ৰাং না চেং নাপ্ চাক্ নাই
চান্ মুং মৌ চাও লুক আও ৰি ৱাই তা।”
(নিজৰ দেশ, পৰিয়াল আৰু সম্পত্তি ৰক্ষা কৰিবলৈ যেন সমৰ্থ হোৱা।) –দৰাই হেংদান গ্ৰহণ কৰি ক’ব :
“কোন্ জুক্ কোন্ খিন্ ঞি তাক্ ত্যেওক্ আও পে
ফু মেট্ কোন্ ঞি তাক জাংৱা চি
খোম্ চাম্ খ্যেওং বৌ আ কিউ ৰাও তাক্
হেও খেন খা চি কাও নাপ্ চাক্ নাই ৰাপ্
আও জাও ভি কিন্ লাও জাও।”

(মই এই হেংদান হাতত লৈ প্ৰতিজ্ঞা কৰিছো যে মই দেশ আৰু ধৰ্ম ৰক্ষাৰ্থে দুষ্টক দমন কৰি সন্তজনক সুৰক্ষা প্ৰদান কৰিম।) ইত্যাদি ইত্যাদি।
পৰম্পৰাপ্ৰিয় ভালেমান আহোম লোকে আজিকালিও চকলং প্ৰথাৰে বিবাহ অনুষ্ঠান পতা দেখা যায়। এই অনুষ্ঠানত গোৱা টাই ভাষাৰ মন্ত্ৰ-গীতবোৰ কোনোবাই বুজি পায়নে? নিমন্ত্ৰিত (ভাৰাতীয়া) পুৰোহিতসকলে এইবোৰৰ অৰ্থ গাই যোৱাৰ লগে লগে দৰা-কইনা আৰু সংশ্লিষ্টসকলক ভাঙনি কৰি বুজাই দিয়েনে, বা তেওঁলোকে নিজেই এইবোৰৰ মানেটো বুজেনে? বন্ধনীত দিয়া অৰ্থবোৰৰপৰা আমি বুজিলো যে শ্লোকবোৰে কিবা সাংঘাতিক একো অৰ্থ বহন কৰা নাই –বিবাহক লৈ দৰা-কইনা আৰু সংশ্লিষ্টসকলৰ আশা-আকাংক্ষা, শুভেচ্ছা আৰু তৎজনিত কৰ্তব্য-দায়িত্বই ইয়াত সৰলভাৱে প্ৰকাশ পাইছে। সেইখিনিকেনো কোনেও নুবুজা ভাষাটোৰে কিয় প্ৰকাশ কৰিব লাগে? সেই কথাখিনি টাই ভাষাৰ শ্লোক ব্যৱহাৰ নকৰি চিধাচিধি কৈ দিব পাৰি। ধৰক, দৰাক কন্যা সম্প্ৰদান কৰি কইনাৰ দেউতাকে ক’লে –“মই মোৰ কন্যাক তোমাৰ হাতত গতালো। তেওঁক তুমি চেনেহেৰে ৰাখিবা।” বছ। আচলতে এইবোৰ কথাৰ নামত আনুষ্ঠানিকতা কৰাৰ প্ৰয়োজনেই নাই, বিবাহ বুলিলে সংশ্লিষ্টসকলে স্বতঃস্ফূৰ্তভাৱেই এই মনৰ অনুভৱ-অনুৰোধবোৰ ব্যক্ত কৰিবই।

আমি জানো যে মনৰ বুজাবলৈ ভাষা ব্যৱহাৰ কৰা হয় (মনৰ ভাব প্ৰকাশ কৰিবলৈ মুখেৰে প্ৰকাশ কৰা অৰ্থপূৰ্ণ ধ্বনিকে ভাষা বোলে), কিন্তু ভাব নুবুজাবলৈ বা বুজা বন্ধ কৰিবলৈ যদি ভাষাৰ ব্যৱহাৰ কৰো, সহজে বুজা কথাটো দুৰ্বোধ্য কৰি তুলিবলৈ যদি ভাষাৰ ব্যৱহাৰ কৰো তেন্তে তাৰ ব্যাখ্যা কি হ’ব? মই মোৰ প্ৰেমিকাক ‘মই তোমাক ভাল পাওঁ’ বুলি ক’লেই যথেষ্ট, তাকে নকৈ যদি এই বাক্যটোকে আমি নুবুজা বিভিন্ন ভাষালৈ কাৰোবাৰদ্বাৰা অনুবাদ কৰাই লৈ প্ৰেমিকাৰ ওচৰত গাই থাকো, তেন্তে প্ৰেমৰ সলনি হাস্যৰসৰহে সৃষ্টি নহ’বনে? চকলং বিবাহত শ্লোককেইটা নাগাই চিধাচিধি মূল কথাখিনি কৈ দিলে ভাব প্ৰকাশ পাব ঠিকেই, কিন্তু সমস্যা হ’ব দেৱতাক লৈ। শ্লোকসমূহত দেৱতাক সম্বোধন কৰা আমি পাইছো, সেই দেৱতাইবা আমাৰ অসমীয়া ভাষা বুজি পায়নে নাপায়, বা পালেও অসমীয়া ভাষাত কৰা প্ৰাৰ্থনাৰ অনুমোদন জনায়নে নজনায়?? (হয়তো এই প্ৰাৰ্থনা দেৱতাসকলৰ অফিচত কিছু দিন বিবেচনাধীন হৈ থাকিব!) কিন্তু এতিয়াও প্ৰশ্ন হ’ব, আহোমসকলে অসমলৈ আহোতে টাই ভাষা লৈ আহিছিল যদিও কালক্ৰমত সম্পূৰ্ণৰূপে অসমীয়া ভাষা গ্ৰহণ কৰিলে, তেনেস্থলত আহোমৰ দেৱতাসকল আজিও টাইভাষীয়ে হৈ থাকিলনে, অসমীয়া ভাষাটো তেওঁলোকে অতদিনে শিকিব নোৱাৰিলেনে আহোমসকলৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়ে? আৰু যদি দেৱতায়ো কথাখিনি বুজি পাই কৃপা মঞ্জুৰ কৰেও, তথাপি এটা সমস্যা ৰৈ যাব। চকলং বিবাহৰ শ্লোক-মন্ত্ৰসমূহ তথা আনুষ্ঠানিকতাখিনিৰ কাম নোহোৱা হ’লে সেইখিনিকে লৈ জীৱিকা নিৰ্বাহ কৰি থকা পুৰোহিতসকলৰ পেট নমৰিবনে?

(৩)

“কুকুৰ, শিয়াল, গাধ সকলোটিৰে আত্মা ৰাম। এই কথা জানি সকলোকে সন্মান কৰিবা” বুলি কথাৰে, নতুবা “কুকুৰ শিয়াল গাধৰো আত্মা ৰাম, সেয়ে সকলোকে পৰি কৰিবা প্ৰণাম” বুলি আধুনিক গীতৰ সুৰত গীত গাই প্ৰচাৰ কৰিলে কিবা ভাল ফল ফলিবনে? নিশ্চয়কৈ ফলিব, (আত্মা আৰু ৰামক বাৰু বাদ দিছো) ই মানুহৰ মাজত প্ৰেমৰ বাণী প্ৰচাৰ কৰিব আৰু যদি কোনোবাই সেইমতে প্ৰেমৰ আচৰণ কৰে তেন্তে সমাজৰ মংগল হ’ব। কিন্তু কথা হ’ল, ইয়াত কথাখিনি বা গীতটোৱে প্ৰকাশ কৰা ভাবখিনিৰহে মহত্ত্ব আছে। প্ৰকাশভংগীটোৰ সাহিত্যিক আৰু সাংগীতিক মূল্য থাকিব পাৰে, তাৰ কথা কোৱা নাই –কিন্তু ইহঁতৰ এটাৰো কোনো ঐশ্বৰিক মহত্ত্ব নাই। আৰু ভাবখিনিৰো মহত্ত্ব আছে বহল অৰ্থতহে, আক্ষৰিক বা সংকীৰ্ণ অৰ্থত নহয়। কিন্তু “কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।” –শংকৰদেৱে লিখা এইফাঁকিত কিন্তু কিবা অলৌকিক মহত্ত্ব লুকাই আছে বুলি ভবা হয়। সেয়ে আমি ইয়াক (বা আন সকলো ধৰ্মীয় প্ৰাৰ্থনা-গীত আদিক) বিশেষ ভক্তিভাবেৰে গাওঁ, কেতিয়াবা মাইকত ডাঙৰকৈ গাই সকলোকে শুনাই দিওঁ, গভীৰ অৰ্থটো নুবুজো, বুজা যেন দেখুৱালেও যান্ত্ৰিকভাৱে আক্ষৰিক অৰ্থটোহে বা সংকীৰ্ণ অৰ্থহে বুজো (অসমীয়া মানুহে শিয়াল দেখিলেই খেদি যায় –হয়তো প্ৰণাম কৰিবলৈকে! আমাৰ মানুহে শাস্ত্ৰৰ কথাবোৰ ইমান সংকীৰ্ণকৈ বুজে যে কোনোবাই এনেকৈ অনুমান কৰিলেও আমি হয়তো বৰ আপত্তি কৰিব নোৱাৰিম।) বা ইয়াক সাহিত্য বুলি গ্ৰহণ কৰি সাহিত্যিক ৰস গ্ৰহণ কৰো, সেয়াও নহয়। আমি ভাবো যে ইয়াক ভক্তিভাবেৰে গাই এক ঐশ্বৰিক মহত্ত্বৰ কাৰ্য সম্পন্ন কৰিলো। কিন্তু সেই ঐশ্বৰিক মহত্ত্বখিনি ক’ত সোমাই আছে? ভালদৰে ভাবি-চিন্তি চালে দেখা যায় যে সেইখিনি সোমাই আছে কথাফাঁকি শংকৰদেৱে লিখাটোত আৰু দ্বিতীয়তে এক বিশেষ যুগৰ ভাষাত লিখাটোত। এইবাবেই শংকৰদেৱৰ নিচিনা একে ভাবেৰে আৰু একে সাহিত্যিক গুণসমৃদ্ধকৈ আজিৰ কোনোবা কবিয়ে যদি প্ৰাৰ্থনা এটা লিখি দিয়ে, আমি নিশ্চয় নাগাম। (যিকোনো কবিয়ে শংকৰদেৱৰ নিচিনা উচ্চ পৰ্যায়ৰ সাহিত্যিক গুণসম্পন্ন প্ৰাৰ্থনা লিখিব নোৱাৰিব নিশ্চয়, কিন্তু ভগৱান নিশ্চয় সাহিত্য সমালোচক নহয় যে তেওঁ প্ৰাৰ্থনাটোৰ সাহিত্যিক মূল্য বিচাৰ কৰিহে মানুহক কৃপা কৰা-নকৰাৰ সিদ্ধান্ত ল’ব।) তাৰ কাৰণ হ’ল, হয়তো আমাৰ কোনোবাই লিখিলে ভগৱানে কৃপা মঞ্জুৰ নকৰিব –শংকৰদেৱে লিখা প্ৰাৰ্থনা মঞ্জুৰ কৰাৰ আঁৰত আছে শংকৰদেৱৰ কিবা অলৌকিক মহত্ত্ব যিটো তেওঁ লিখা প্ৰাৰ্থনাবোৰতো (প্ৰাৰ্থনা-গীত-কবিতা) সোমাই আছে। কিন্তু শংকৰদেৱৰ অলৌকিক মহত্ত্ব তেওঁৰ প্ৰাৰ্থনাবোৰত কোনখিনিত সোমাই আছে? কৈছোৱেই যে তেওঁ প্ৰকাশ কৰা ভাবখিনি আজিৰ ভাষাতো সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰি। তেন্তে অলৌকিক মহত্ত্বখিনি সোমাই আছে প্ৰাৰ্থনাবোৰ ৰচনা কৰা সেই যুগৰ ভাষাটোত। আমাৰ এইখিনিতে আপত্তি আছে। আমি আজি কোনেও শংকৰদেৱৰ দিনৰ ভাষা নকওঁ আৰু নিলিখো। ভাষাৰ পৰিবৰ্তন ঘটি থাকিব অহৰহ –তেনেস্থলত আমি কি সদায় পাঁচশ বছৰৰ আগৰ ভাষাটোৰেই ভগৱানক প্ৰাৰ্থনা কৰি থাকিম, নে ভগৱানে সেই যুগৰ ভাষাটোকে প্ৰাৰ্থনাৰ ভাষা হিচাপে চিৰদিনৰ বাবে অনুমোদন জনাই থৈছে?? তেওঁ বাৰু, অন্ততঃ পুৰণি ভাষা-সংস্কৃতিৰ প্ৰতি ধাউতি নথকা নতুন চামৰ কথা চিন্তা কৰিয়ে, প্ৰাৰ্থনাৰ ভাষা আপডেট (পৰিভাষাত গহীনকৈ ক’বলৈ হ’লে, অদ্যাৱধিকৰণ!) কৰাৰ কথা চিন্তা কৰিব নালাগেনে?

আচলতে ভগৱান যদি থাকিলহেঁতেন, তেওঁক প্ৰাৰ্থনা কৰি অনুনয়-বিনয় কৰি মাতিবলগা নহ’লহেঁতেন, পৃথিৱীৰ মানুহৰ দুখ দেখি তেওঁ নিজেই খা-খবৰ ল’বলৈ আহিলহেঁতেন। চিধা কথাত –ভগৱান থকা হ’লে ইমান দিনে ওলাই আহিলহেঁতেন। যিহেতু ওলাই অহা নাই বা অহাৰ কোনো লক্ষণো দেখুওৱা নাই, গতিকে আধুনিক ভাষাত নালাগে, কোনোধৰণৰ প্ৰাৰ্থনাই কৰাৰ প্ৰয়োজন নাই।

(৪)

“শ্ৰীকৃষ্ণায় নমঃ ধন্বন্তৰায় নমঃ।
কট্ কট্ কটাৰী মত্ মত্ মুঠি
মই বস্ত্ৰ জাৰিলো আমুকীৰ (বা আমুকাৰ) হিয়াত উঠি।
ৰামে আনিলে পাণ,
সীতাই আনিলে চূণ,
লক্ষ্মণে আনিলে গুৱা,
মই বস্ত্ৰ জাৰি দিছো,
হাত পাতি লোৱা।
এই বাক্য লৰিব চৰিব
মহাদেৱ পাৰ্বতীৰ মাথা কাটি ভোজন কৰিব
সিদ্ধি গুৰুৰ পাৱ,
ৰক্ষা কৰা কালিকা কামাখ্যা
ধন্বন্তৰী মাৱ।”

মায়ং অঞ্চলত প্ৰচলিত এইটো ‘মোহিনী মন্ত্ৰ’, এইটোৰ সহায়ত ডেকা বা গাভৰুৱে নিজৰ প্ৰেমিকা বা প্ৰেমিকক আকৰ্ষণ কৰিব পাৰে। সন্নিৱিষ্ট মন্ত্ৰকেইটা হেমন্ত কুমাৰ শৰ্মাৰ ‘মায়ং অঞ্চলৰ লোকসংস্কৃতি’ৰপৰা লোৱা হৈছে। আন এটা মন্ত্ৰ হ’ল ‘বন্দুক বন্ধা মন্ত্ৰ’ (‘বন্ধা’ মানে ঠিক কি বুজিব পৰা নাই, হয়তো বন্দুকৰপৰা গুলি নোলোৱা কৰা। গ্ৰন্থখনত ‘বৰুণ বাণ’ বুলি মন্ত্ৰ এটাৰ কথা উল্লেখ আছে যিটো যুদ্ধক্ষেত্ৰত গাই থাকিলে শত্ৰুৰ বন্দুকৰপৰা গুলিৰ সলনি পানীহে ওলাব। আমাৰ বাবে দুৰ্ভাগ্যজনক কথা যে গ্ৰন্থখনত মন্ত্ৰটো দিয়া নাই।) :
“শ্ৰীকৃষ্ণায়ে নমঃ উৰণ উৰণ উৰণে মাৰো, উৰণে বান্ধিলো নখান দুৱাৰ।
বাপ মহাদেৱ, চণ্ডী মা।
উৰণে বান্ধো অমুকাৰ হাতৰ বন্দুক।
ৰাখি কেছু কেছু পিয়ে পানী।
বাণক বাণে থ’লো হানি।”

উল্লিখিত প্ৰথমটো মন্ত্ৰৰ কাৰ্যকাৰিতা ডেকা-গাভৰুসকলে নিজেই পৰীক্ষা কৰি চাব। দ্বিতীয়টো মন্ত্ৰ চৰকাৰে সীমান্তত পহৰাৰত সৈনিকসকলক শিকোৱাৰ ব্যৱস্থা কৰিলে কামত আহিব বুলি চকু মুদি ক’ব পাৰি। এইবোৰ পৰীক্ষা-নিৰীক্ষালৈ আমি নাযাওঁ, আমাৰ প্ৰশ্ন হ’ল, এই মন্ত্ৰ দুটাৰ (বা সামগ্ৰিকভাৱে মন্ত্ৰৰ) অলৌকিক শক্তিখিনি ক’ত লুকাই আছে?

অৰ্থটো একে ৰাখি মন্ত্ৰ দুটা আজিৰ ভাষাত সহজে গাব পাৰি, কিন্তু তেতিয়া শক্তিয়ে কাম কৰিবনে, বা তেনেকৈ গালে তাৰ পূৰ্বৰ শক্তিখিনি বাচি থাকিবনে? এই মন্ত্ৰ দুটা অন্য ভাষাভাষী (ধৰক, মিচিং বা ইংৰাজী বা হিন্দী) মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বনে? (হ’ব বুলি আশা কৰিয়েই চৰকাৰৰ ওচৰত আহ্বানটো জনাইছো দেই!) বা এই দুটাই অসমৰ বাহিৰৰ ঠাইত কাম কৰিবনে (ফাপিবনে)? দেও-ভূত খেদোৱা বহুবোৰ মন্ত্ৰৰ সাধাৰণ সাৰাংশ আধুনিক ভাষাত এনেধৰণৰ : “চালা ভূত! মোক চিনি পোৱা নাই? (মোক মানে বেজক) ওলাই যা সোনকালে অমুকাৰ গাৰপৰা। নহ’লে তোক নাই ছাৰিম!” মন্ত্ৰটো নোগোৱাকৈ চিধাচিধি এনেকৈ ধমকি দিলে ভূত পলাবনে? যদি নপলায়, কেৱল সেই পুৰণি কালত লিখা মন্ত্ৰটো গালেহে পলায়, তেন্তে পুৰণি কালৰ সেই ভাষাতে নিশ্চয় ঐশ্বৰিক শক্তিখিনি সোমাই আছে, নতুবা বুজিব লাগিব যে দেও-ভূতে আজিও আধুনিক অসমীয়া ভাষাটো শিকা নাই –তেওঁলোকে এতিয়াও মন্ত্ৰ লিখা যুগৰ পুৰণি অসমীয়াকে ব্যৱহাৰ কৰি আছে। অসমীয়া ভাষাৰ হৈ মাত মতা সংগঠনবোৰে এই বিষয়টোতো মাত মাতিব লাগে। আকৌ ধৰক, বাংলা ভাষাৰ ভূত খেদোৱা মন্ত্ৰ মই মাতি দিলো, তেতিয়া আমাৰ ‘থলুৱা’ ভূত পলাবনে? যদি নপলায় তেন্তে বুজিব লাগিব যে অসমীয়া ভূত যেনেকৈ আছে, বাংলা ভূত, হিন্দী ভূত, ইংৰাজী ভূতো পৃথকে পৃথকে আছে। জনগোষ্ঠীয় ভূতবোৰেতো নিশ্চয় অসমীয়া ভাষাটোক সিমান পাত্তা নিদিব –জনগোষ্ঠীসমূহে স্বায়ত্ত শাসন বিচৰা, নিজা ভাষাক উজ্জীৱিত কৰিবলৈ যত্নপৰ হোৱাতো আমি চকুৰ আগতে দেখি আছো! কিছুমান দেও-ভূতে নিশ্চয় থলুৱা বুলি দাবী কৰিব, কিছুমান বহিৰাগত। গুৱাহাটী মহানগৰীত নিশ্চয় সকলো টাইপৰ ভূতেই বাস কৰে –এইবিলাক নিঃসন্দেহে গছত গৰু উঠা উদ্ভট কথা। কিন্তু মন্ত্ৰ-বিষয়ক আমাৰ প্ৰশ্নসমূহৰ যুক্তিযুক্ততা মানি ল’লে সিবোৰৰ ভিত্তিত কৰা আমাৰ এই কল্পনাখিনিও ফু মাৰি উৰুৱাই দিব নোৱাৰিব কোনেও।
আচলতে আমি জনা উচিত যে ভাষাৰ ভাব প্ৰকাশ কৰাৰ শক্তিহে থাকে, তাৰ বাদে আন কোনো শক্তি নাথাকে। সেইবাবেই মন্ত্ৰৰ কোনো শক্তি নাথাকে। এইখিনিতে বিখ্যাত যাদুকৰ এম হুছেইনৰ মুখৰ দুষাৰমান কথা তুলি দিবলৈ মন গৈছে :

“মন্ত্ৰ নামৰ কোনো বিদ্যাই নাই। মন্ত্ৰ –কোনো মন্ত্ৰ নাই। এইটো হ’ল আটাইতকৈ ভুল ধাৰণা। এইটো বস্তুত বিশ্বাস মাত্ৰ কেইখনমান দেশেহে কৰে –ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নেপাল; চীন, বাৰ্মাতো অলপ বিশ্বাস কৰে। তাৰ মানে বিদেশত ইয়াৰ কোনো প্ৰভাৱ নাই। মন্ত্ৰ ভাৰতৰ ৯৫% মানুহে বিশ্বাস কৰে। মন্ত্ৰ কোনো প্ৰভাৱ বা শক্তি নাই, কিন্তু চাইক’লজিকেল এফেক্ট এটা আছে . . .।”

(ডিব্ৰুগড় ৰেডিঅ’ৰ আৰ্কাইভত সংৰক্ষিত সাক্ষাৎকাৰৰ ০৯-০৯-২০০৮ তাৰিখে সম্প্ৰচাৰিত হওঁতে লেখকে ৰেকৰ্ড কৰি ৰখা অংশ। সাক্ষাৎ গ্ৰহণকাৰী : ৰূপজ্যোতি দুৱৰা)

তেনেহ’লে দেও-ভূতবোৰৰপৰা আমি কেনেকৈ ৰেহাই পাম? মন্ত্ৰৰ কোনো শক্তি নথকাকেই আমি সুদূৰ অতীতৰপৰা দেও-ভূতেৰে ভৰা অসমত নিৰ্বিঘ্নে বাস কৰি আহিব পাৰিছো যেতিয়া, এতিয়া নোৱৰাৰ কাৰণ নাই। নে কি কয়?

------------------------------

(‘জনসাধাৰণ’ কাকতৰ সাপ্তাহিক ‘ইত্যাদি’ৰ ৮ আগষ্ট, ২০১০ সংখ্যাত প্ৰকাশিত)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,155
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:390
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,923
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,963
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,632
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:473