প্ৰিয়তমা --- ডিম্বেশ্বৰ কোচ

প্ৰিয়তমা,

মনত পৰেনে তোমাক

এৰি অহা দিনটো কিমান দুখৰ

আছিল ?

এবুকু সুখ আৰু

দুখেৰে ডামানিজ নাৰ্ছিং হোমত

কটোৱা সেই দিনটো ?

দুখবোধবোৰ আজিও শেষ নহল,

নহবও

ছাগে ৷

নদী খনেও মোৰ দুখবোধবোৰ ধুই নিব

নোৱাৰে ৷

সাগৰৰ বিশালতাইও কঢ়িয়াৱ

নোখোজে মোৰ দুখ ৷

জীৱনৰ মায়া লগা শব্দত চতফটাই

আছো ৷

জীৱনলে দুৰাৰোগ্য দুখবোৰ কিয়

আহে ?

মন্দিৰ, মছজিদ,

গিৰ্জা সকলো ভ্ৰমিলো,

পুৱ পশ্চিম উত্তৰ দক্ষিণ একাকাৰ

কৰিলো,

তথাপি নাপালো তোমাৰ

আৰোগ্যৰ মহৌষদি ৷

প্ৰিয়তমা ,

জীৱন ছাগে এনেকুৱাই,

দুখ আৰু বেদনাই লগ এৰিব

নোখোজা....

এটি হুমুনিয়াহ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,705
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,744
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266