প্ৰিয়া --- বিপুল চন্দ্ৰ আৰ্য্য

অর্থভৰা হাঁহি তাইৰ

প্রতিখোজতে প্রৰণা দিয়ে ।

অজশ্র মৰমেৰে জীৱন পথত,

আগুবাই লৈ আহে ।

সন্ধিয়াৰ ৰঙা বেলিৰ দৰে

অত্যন্ত ধীৰ, গুনি, শুৱনি ।

জোনাকৰ দৰে বুজনি,

নীলাকাশ চকুজুৰি, অমিয়া মাত,

বসন্তৰ কুঁহিপাতৰ দৰে,

অতি মোহিনী ।

মলয়া বতাহেও চুলিকোচা উৰুৱায়,

যাব খুজিয়ো ভৰি পিছুৱায় ।

যেন স্বৰগৰ দেবী তাই, মই দেবতা,

ভাগ্যৰ বলতে পালোযেন বিধাতা ।

জনম জনম যেন তাকেই পাওঁ,

কাহানিয়ো যেন মই তাইক নকন্দাও ।

পুষ্পবৃষ্টি তাইৰ পৰস

মুকুতাৰ শুভ্রমালা শ্যামল পাটীত,

সংগীতৰ হিল্লোলত প্রেমৰ আধাৰ ।

আহিব জীৱন্ত পুতলা লাহবাহ কৰি,

কোমল মাতেৰে লব আমাৰে আর্হি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,837
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,776
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,035
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:829