প্ৰেমিক --- মৃদু জোনাক পয়োভৰ

সৌ সিদিনা চিনাকি হৈছিলো তোমাৰ সতে,

এদিন দুদিনকৈ চাৰিটা বসন্ত গৰকিলে আমাৰ সমন্ধই

সজীৱ হবলৈ শিকিছিল মোৰ দুহাতৰ ডেউকা,

সেয়ে চাগৈ আকাশৰ নিলিমাত সপোন ৰচিছিলো

তোমাৰ অন্তিম প্ৰেমিক হব বিচাৰো মই,

যদিওবা তুমি মোৰ প্ৰথম প্ৰেয়সী

মই বাৰু তোমাৰ দৃষ্টিত এটা পুতলা নেকি ?

যেতিয়াই মণ যায় খেলা আৰু

আমনি লাগিলে দলিয়াই দিয়া

তুমি দলিয়াব পাৰিলেও মই কিন্তু নোৱাৰো

তোমাক ত্যাগ কৰিবলৈ মোক মৃত্যুৰ প্ৰয়োজন,

কিন্তু মৰিবও যে নোৱাৰো মই

কাৰণ, মোৰ পৃথিৱী তোমাটেই শেষ নহয়

অশ্ৰুসিক্ত ধুমুহা বৰষাব নোৱাৰো মই

মোৰ জন্মদাতাৰ দুচকুত

সেইয়ে তুমিহীনতাত মৰিয়ো

জীয়াই থাকিবলৈ শিকিছো মই

সঁচাকৈ কৈছো ,

মই তোমাক কিমান ভাল পাওঁ তাৰ তুলনা নাই,
আৰু কেতিয়াও কৰিবও নিবিচাৰো

কাৰণ,

অষ্টিত্বহীন কৰিব নিবিচাৰো,

মই মোৰ প্ৰেমক........