প্ৰেমৰ কবিতা --- ৰাজীৱ কায়স্থ

আহা আমি ফুলি
থকা বাগিচাখনলৈ
যাওঁ ।
ফুলবোৰে আমাক
স্বাগতম জনাব
সুবাসেৰে ।

বসন্তৰ বতাহৰ দৰে
তুমি চুলি মেলি
ফুলবোৰলৈ চাই
হাঁহিবা... তোমাৰ
হাঁহিৰ ছন্দত সিহঁতে
নাচিব ।

আহা আমি
চৰাইবোৰৰ ওচৰলৈ
যাওঁ; সিহঁতে গীত
গাব । আমি শুনিম ।
হৃদয় আমাৰ
কোমল হ'ব ।

আহা আমি
গছবোৰৰ ওচৰলৈ
যাওঁ, অলপ বহোঁ
গছৰ শীতল ছাঁত ।
ইয়াতেই জানোঁ
নহ'ব আমাৰ
আত্মাৰ শুদ্ধি (?)

চোৱাচোন প্ৰিয়া,
গছজোপালৈ...
চৰাইবোৰ দেখোন
ইয়াতেই আছে ।
আৰু ফুলবোৰৰ
সুবাসে আমাক
সন্ধান দিছে সুন্দৰৰ

আহা প্ৰিয়া ইজনে
সিজনৰ হৃদয়ত স্নান
কৰো...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718