প্ৰেম --- দলিল আহমেদ

বসন্ত নামি আহিছে
জকমকাই আছে ফুলি থকা ফুলবোৰ
তীক্ষ্ণ দাতাল কাঁইটবোৰ আছে লুকাই
লগতে বুকুলাল এহাল চৰাই ৷

হৃদয়ৰ ধপধপনি বাঢ়িছে
লুইতৰ পানীয়ে কেতিয়া বা উঠাই নিয়ে
সেই বালিৰে সজা ঘৰ বোৰ ?

এয়াই নিশ্চয় প্ৰেম !
ফুল আৰু কাইটৰ মাজৰ
এক নিৰৱ-বিৰামহীন যুঁজৰ তাড়না ৷৷