প্ৰেম --- ৰাজীৱ কায়স্থ

বসন্তৰ বতাহে
বতাহে ঘূৰি ফুৰো ।
কথা পাতো, গান
গাওঁ ।
মোৰ অন্বেষণ-
পোহৰ; বসন্তৰ
পথেৰে খোজ ল'লে
দেখিবা চৰাই, আৰু
গছৰ একাত্মীয়তা
সুৰ সেউজীয়া ।

ফুল আৰু মাটিৰ
প্ৰেম । জীৱন
ইয়াতেই পোহৰময়
আনন্দময়...। মোৰ
এই শৰীৰক যিয়ে
জীৱন আৰু মৃত্যুৰ
মাজত থাকি
পৰিচালনা কৰে ।
তেওঁৰ স'তে মোৰ
প্ৰত্যয়মান মুহূৰ্ত ।

বসন্তৰ বতাহে
বতাহে সুগন্ধি প্ৰেম,
কথা পাতো, গান
গাওঁ । মুখামুখি হওঁ
তোমাৰ স'তে ।

পথাৰৰ সীৰলুত
বীজবোৰৰ দৰে পুহি
ৰাখিছো সেউজীয়া
হোৱাৰ সপোন ।
নীলা হাঁহিৰ
কাঁচিয়লিত ঘনীভূত
মোৰ হৃদয়...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739