আমি সচেতন হ’বৰ হ’ল
নিজকে সংশোধন কৰিবৰ হ’ল
বহুত শুনিলো বহুত কৰিলো আনৰ কথাত
সচাতো এতিয়াহে সোমাইছে আমাৰ মাথাত
প্ৰতিনিধি সলাওতে সলাওতে
দেশ খনকে সলাই পেলাইচো
মূখা পিন্ধাবোৰকে শ্ৰেষ্ঠ মানি
বৰ ভূল কৰিচো
নাই নাই আৰু নোৱাৰি বহুত হ’ল
প্ৰকৃততেনো দোষ কাৰ
আমি সুবিধা দিয়াৰ বাবেহে
তেঁওলোকে সুবিধা লৈচে নেকি
আমি বোৰে মাথো সমালোচনাৰেই
দায়িত্ত্ব সামৰিছো নেকি
আন্দোলনকেই শেষ পথ মানিচো নেকি
নে এইবোৰেৰে আমিও মাথো
সস্তিয়া জন সমৰ্থন আদায়ৰ চেষ্টা কৰিছো
নাই নাই আৰু নহ’ব বহুত হ’ল
আই মাতৃক এতিয়া আপোনাৰ প্ৰয়োজন
আপোনাৰ মোৰ সকলোৰে
মাথো সত চিন্তা আৰু কৰ্মৰ প্ৰয়োজন
আমি সকলোয়েই কৰিব লাগিব
ইয়াৰ দায়িত্ত্ব বহন
যাতে গৰ্বেৰে কব পাৰো
জয় আই অসম ।