ব'হাগী --- আৰাধনা অধিকাৰী

গামখাৰু,কেৰুমণি,থুৰিয়া, মূগাৰিহা নিপিন্ধিবা অ' ব'হাগী....

নেঘেৰী খোপাটিত হালে জালে কপৌ পাহি....

ৰঙা পাৰিৰ ৰিহাৰ ভাজে ভাজে ঢোল পেঁপাৰ মাতত ব'হাগী কঁকাল ভাগে....

তুমি নিপিন্ধিবা ৰিহা,

ডেকামন জ্ৱলে উমি উমি....

জেতুঁকাৰ বোলেৰে নাম লিখিলো দুহাতত টিক্টিকিয়া ৰঙাকৈ....

ৰঙা চার্ট আৰু টঙালি মাৰি তুমি আহি জুমি চাবাহি....

দুহাতৰ ৰঙালীৰ জেতুঁকা....

বিহুৱান খনি পিন্ধাই দিম দুহাতেৰে ....

কুলিৰ বিননিত হিয়া কঁপে....

দুওঁঠত ৰঙাকৈ ব'হাগী হাঁহিলে চোৱা মদাৰৰ ৰঙাবোৰ আঁকি ...

জোনবিৰি,ঢোলবিৰি,জাঁপি শুৱনি মূগা ৰিহাৰ ভাজে ভাজে....

কঁপালী তলত অৰুণ ৰঙা ফোঁট জিলিকে দুচকুৰ কাজল চাৱণিত....

ব'হাগ হেনো আজি নিচেই কাষতে,

তুমি আহিলে মূগা সাজ যোৰ পিন্ধিম,

ৰঙালী অহাবুলি লাজ লাজ হিয়াখনি লৈ.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,264
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:848
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,872
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936