ব'হাগৰ প্ৰথমজাক বৰষুণ --- জোন কলিতা

তোমাৰ ভৰা যৌৱনত আপ্লুত মোৰ হিয়াঁ,

অবিৰাম গতিত বৈ আছে মোৰ দেহৰ তেজৰ কণিকা ৷

তোমাৰ ভৰা দুগালত মই অনুভৱ কৰিছোঁ,

অংকুৰণ মোৰ হেজাৰ চুমা ৷

সিৰা ধমনীত তোমাৰেই স্পন্দন,

হিয়াঁৰ মণিকোঠাত মোৰ তোমাৰ বাতাবৰণ ৷

চলন্ত মোৰ হ'ৰমন নলিকা,

চিৰ প্ৰবাহ মান মোৰ ৰক্ত শিখা ৷

ঘনীভূত তোমাৰ আৱাহন,

উৰন্ত মনত তোমাৰেই আলোড়ন ৷

প্ৰেমৰ আচল উৰুৱাই , আউলি - বাউলি তোমাৰ ভিজা চুলি ,

সমীৰো হ'ল বলিয়া, তোমাৰ সংগ লাগি ৷

তগৰ ফুলাৰ বতৰত তোমাক মাতো,

প্ৰথম প্ৰেমৰ পোহৰত গান গাবলৈ ৷

বুকুৰ পৰা সেই সময়ত কলিজাটো সোলকাই,

আলফুলে গুজি দিওঁ তোমাৰ দুহাতত ৷

আঁকি চাওঁ পদুমী নয়নত অলেখ সপোন

আৰু পোনতে চুমাবোৰ ৷

সেউজীয়া হোঁৱাৰ হেজাৰ কামনাৰে

ব'হাগৰ প্ৰথমজাক বৰষুণত

খুব তিতি চাওঁ আমিবোৰ ৷

ভিজা চুলি আৰু দুচকুত

দুহাত বুলাওতেই বাজি উঠে

প্ৰেমৰ সুহুঁৰি মোৰ ৷

তোমাৰ ভৰা যৌৱনত আপ্লুত মোৰ জীৱন,

অবিৰত উড়ণ মোৰ আকাশৰ উল্কাপিণ্ড বোৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,096
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747