দুপৰ নিশা নহয়
ভৰ দুপৰীয়া শুণিলো
তোৰ হৃদয় কপোঁৱা সুৰ ।
কোনে দিলে
কোনে দিলে ইমান শুৱলাকৈ
কন্ঠ তোক ?
কোন সেই অচিন পুৰুষ?
চৌদিশে ৰ’দৰ পাহাৰ
ওখ ওখ আকাশলঙ্ঘী অট্টালিকা
অসংখ্য মানুহৰ কোলাহল নেওচি
বৈ আহি প্ৰৱেশ কৰে বুকুত
তোৰ সুৰৰ তান ।
মোৰ শোকত তিতি পৰা নয়ন
ভোকত চিৰি হৈ যোৱা পেটত
প্ৰসস্তিৰ ফাঁকু চতিয়াই
তোৰ সুৰ হৈ যায়
হৃদয়ত বিলীন...।
হেৰৌ বাঁহী-
এবাৰ মাথোঁ এবাৰ ল
মোৰ মৌন ওঁঠৰ পৰশ
আৰু সমাধিস্থ কৰি তোল
তোৰ সুৰেৰে
মোৰ বুকুৰ দুখ, যন্ত্ৰণা সমস্ত...।