বিচ্ছেদ --- দাদুল ভূঞা

হঠাতে অহা ধুমুহাজাকত গছজোপা হোঁৱলি গৈছিল সেইদিনা

ধুমুহাজাকে হয়তো বুজা নাছিল বা কেতিয়াও ভবা নাছিল

গছজোপাই মাটিক কিমান ভাল পাইছিল

গছৰ শিপাই জন্মলগ্নৰে পৰাই খামুছি আছিল মাটি
আৰু
মাটিয়েও সাবটি ধৰিছিল গছজোপা

মাটি আৰু শিপা ভিতৰি ভিতৰি একাকাৰ হৈছিল

মাটিয়ে বিনালে ৰাতি
শিপাইও বিনাইছিল

মাটিৰ লাগিলে ভোক
শিপাৰো লাগিছিল

যেন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি

সেউজীয়া সপোনৰ দিবাস্বপ্নত
ওথলি উঠিছিল
এমোকৰা জোনাক

শিপাৰ পৰা মাটিলৈ
আকৌ মাটিৰ পৰা শিপালৈ

এনেদৰে বহুযোজন বাট এটা আগুৱাই আহি
এদিন
শিপা আৰু মাটিৰ মাজত বিচ্ছেদ হৈছিল

বিচ্ছেদৰ ধুমুহা সহিব নোৱাৰি
মাটি এৰি গছজোপা বাগৰি পৰিছিল

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089