অনেক প্রজাতিৰ মাছ
পুঠি,খলিহনা,শিঙি,বৰালী,কাৱৈ……
মাছেই মাছৰ অধিকাৰ আজুৰে,কৰে প্রতাৰণা
মাছেই মাছৰ জীৱনলৈ নমায় ঘোৰ অন্ধকাৰ
মাছৰো আছে ৰজা,নেতা-পালিনেতা
সুকীয়া পানীৰ সামাজ্যৰ দাবীত কঁপে পানীৰ আকাশ
নতুবা মুখৰিত জিন্দাবাদ-মুৰ্দবাদ ধ্বনি
বন্ধত স্তব্ধ প্রবাহিত পানীৰ গতি
যিমানেই সুকীয়া পানীৰ সামাজ্যৰ দাবীত মত্ত্ব নহওঁক
পানীৰ দেশতেই মাছৰ জীৱন ।