বিশ্বাস --- দাদুল ভূঞা

তোমাৰ আলফুলীয়া হাতৰ পৰশ পালে ,
মোৰ বুকুত ফুলি উঠে কৃষ্ণচূড়া ফুল ।
আঘোণ আহিলে পিতাইৰ বুকুত,
হেঁপাহবোৰে ;
দেওধনী দি নাচে,
আইৰ বুকুত সোন গুটি যেন ধানে
হালধীয়া সপোন হৈ পোখা মেলে।
আই, পিতাইৰ দৰেই তুমিও
মোৰ কঙাল হৃদয়ত
দি যোৱা এমুঠি সেউজীয়া সপোন ।
তুমি আহিলে মোৰ ওদং বুকুত
জোনাকে নাচি উঠে
সপোনৰ ৰিমজিম বৰষুণ সৰে ।
কলীয়া কৃষ্ণৰ দৰে,
বাঁহী বজায় ,বজায়
হিমসৰা ৰাতি এটা উদযাপন
কৰো তোমাৰ সৈতে ।
তোমাৰ স্নিগ্ধ সুবাসত
পেখমধৰী নাছে মন ময়ূৰে,
আশাৰ এমুঠি জোনাক তৰাফুল হৈ সৰে ।
তোমাৰ সৈতে শব্দৰে বীজ ৰোপন
কৰো বৃন্দাবনৰ বাকৰিত,
আমাৰ বুকুৰ কঠিয়া তলিত
ফুলি উঠে প্রেমৰ ৰঙা নীলা ফুল ।
আমি দুয়ো ৰাধা কৃষ্ণ একবিংশ শতিকাৰ
প্রতাৰিত প্রেমৰ সাক্ষী নহওঁ কলি যুগৰ ।
আমাক নালাগে বৃন্দাবন
নালাগে যমুনাৰ পাৰ,
নাইবা দিঘলী পুখুৰীৰ পাৰ ।
আই ,পিতাইৰ দৰে
আমাৰ বাবে ভাল ;
সেউজী পথাৰ
আঘোণৰ হালধীয়া ধানৰ হাঁহি ।
তাতেই আমি বিচাৰিম
জীয়াই থকাৰ এমুঠি জোনাক ।
আমাক নালাগে ডাৱৰীয়া আকাশ
নালাগে শিল বৰষুণ
নালাগে কংক্রিতৰ এই ধ্বংসময় পৃথিৱী ।
বিশ্বাসৰ বাটেৰে আমি যাম আগুৱাই
কুমেৰুৰ পৰা সুমেৰু,
মানুহৰ হৃদয়ত দি যাম ভালপোৱাৰ
অটল বিস্বাস ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243