বিষাদ --- শিৱ প্ৰসাদ হাজৰিকা

ঢুকি পোৱালৈকে হাতখন মেলি দিছিলো সপোন এটাৰ ফালে
ছাঁটোকে চুব নোৱাৰিলো ।

তামোল গছৰ ওখলৈকে জুই জ্বলিছিল মানুহবোৰ মাটিতে লুকাল
চিঞৰবোৰে ক'লে তাত মানুহ থকাৰ কথা ।

কাতিৰ কুঁৱলীত অহা মানুহজন
বাট হেৰুৱাই আঘোণৰ ৰ'দ এটাত গ'লগৈ
যোৱাৰ বাটত তেওঁ নিজৰ ছাঁ টো এৰি গ'ল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,356
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,389
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,138
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,713