বৃদ্ধাশ্ৰম --- কুণ্ডল কুমাৰ বৰা

বিপৰীত মৰিশালী !
যাৰ উদাৰ বুকুত
শূণ্যতাৰ আভাস নাই,
মৰমৰ নাটনী নাই ।
অচিনাকীৰ মৰম বেদনা বুজা
এখন বিপৰীত মৰিশালী
স্বৰ্গতকৈও অধিক শ্ৰেয় ।

সীমাৰ শাল-পমাই
মুখাগ্নি কৰিবলৈও আপোচ নকৰা
অনুপম উদ্যান,
পুষ্পবিহীন কাননত
শেঁতা পৰা শোঁতোৰাৰ
ক্ষীণ জ্যোতি,
ভাতৃত্ববোধৰ নিষ্কাম,নিভাঁজ নিদৰ্শন ।
অজ্ঞানী পঞ্চভূতে অতিষ্ঠ হৈ
পঞ্চভূতক স্থাপন কৰা
সহজ মণিকুট ।
ৰৌদ্ৰৰ তীব্ৰতা জোনৰ স্নিগ্ধতা
সমীৰণৰ পৰশণ
অজ্ঞাত জনৰ মিলনস্থলী
এই বৃদ্ধাশ্ৰম ।
জাৰ-জহে কাষ চাপিবলৈ
কুন্ঠাবোধ কৰে
জানোচা তাৰ শোঁতোৰা কুসুমৰ
পাপৰি বিশৃংখলিত হয় ।
নেদেখাজনৰ সঙ্গ নুগুচে সদায়
অদভূত মহিমামণ্ডিত এই বৃদ্ধাশ্ৰম ।

আপোন মায়াজৰীৰ বন্ধন খণ্ডন
অমঙহীজনৰ প্ৰেম নহয় ছেদন ।
নিতৌ ন-অভিজ্ঞতাৰ সংগম
সততাৰ অভ্যুদয় প্ৰতিদিন ।
---কেনে আচৰিত
এই বৃদ্ধাশ্ৰম !!
সদায় দেখিয়ো অভূতপূৰ্ব ভাৱ
আচৰিত এই বৃদ্ধাশ্ৰম ৷

(ৰচনা কাল - ১৭-০১-২০১৬, ৭:০০PM)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:583
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,769