মই ও কৰিছিলো প্ৰেম !
আঁকিছিলো ভিঁজা ওঁঠত প্ৰেমৰ মনালিছা
হাতত হাত থৈ ৰচিছিলো বহু সপোন
বুকু উজাৰি কৰিছিলো প্ৰেম
তাৰ পিছত কেতিয়া যে
নিমিষতে মোৰ বুকুত জলি উঠিল সপোনৰ পঁজা
যাৰ ক'লা ধূঁৱাই , ক্ৰমে চানি ধৰে
মোৰ প্ৰেমৰ আকাশ বতাহ
আজি ওৰেটো ৰাতি আকাশৰ চকুলো সৰিব
অনাকাংখিত বণ্য i ই উটুৱাই নিব গোলাপৰ ৰঙা বাগিচা..................
মোৰ সূয্যাস্তত আকাশত এতিয়া
ব্যর্থতাৰ আন্ধাৰ
আহ্ ! এনেদৰে আৰু কেনেদৰে পোহৰৰ সন্ধান কৰিম
হে সুহৃদ, মোক হাত ধৰি লৈ ব'লা ৰুপালী বেলিৰ দিশে....................
য'ত সংগোপনে মই মোৰ জীৱন গঢ়িব পাৰো
যিদৰে কাঁইটীয়া গোলাপৰ ডালে কুসুমৰ পাপৰি গঢ়ে !!