বেলকনিৰ পৰা --- কিশোৰ বড়ো

জীৱনৰ বেলকনিত বহি
মই মোৰ লগত নিতৌ কথাপাতোঁ
মন আৰু মগজুৰ বাকবিতণ্ডাৰ মাজতে
বেলকনিটোত দেখিলোঁ
বেদনাৰ তীব্র শৰৰ আঘাটত
শৰবিদ্ধ চেতনাৰ ক্ষত-বিক্ষত শৰীৰ

হঠাৎ
দুঃসাহসৰ ডেউকা কোবাই উৰিছে
মোৰ মন আৰু মগজুৰে মিশ্রিত পখি
মই মোৰ বেলকনিৰ পৰাই চাই আছোঁ

বৰদৈচিলা যেন বতাহ বলিছে
উমি উমি জ্বলি থকা জুইকুৰা
বেছিকৈহে জ্বলিছে
মোৰ পখিটোৰ ডেউকাৰ পৰা
পোহৰৰ আচ্ছাদন যেন মৃদুবতাহ বলিছে
মই বেলকনিৰ পৰাই দেখিছোঁ

জাকে জাকে পখি উৰি ফুৰাৰ দৃশ্য দেখিছোঁ
উশাহ যেন সেউজীয়া বতাহ বিয়পি পৰিছে
শুকান ডালত সেউজীয়া পাতৰ পতাকা উৰিছে
মই বেলকনিৰ পৰা চাই আছোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,770
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,827
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,895