ভাগ্যভাল, আপোনাক তেনেকৈ ক’বলৈ কোনো নাই --- ফাৰুক আজিজ

হয়তোবা ভাৱিছে এই পৃথীৱিত
আপুনিয়ে এজন দুৰ্ভগীয়া
যাক তেনেকৈ ক’বলৈ কোনো নাই।
হয়তোবা আপুনি ভাৱিছে মৰমেৰে
এষাৰ কথা পাতিবলৈ
আপোনাৰ কোনো নাই, আপুনি
নিসঙ্গ।
বেজাৰ নকৰিব;
মই কওঁ আপুনি ভাগ্যৱান।

আপুনি শান্তিত এঘূমুতি মাৰিব
পাৰে
যেতিয়াই মন যায় তেতিয়াই
ভৰ দুপৰীয়া বা দুভাগ ৰাতি
নহয়তোবা পুৱতি নিশা
আপোনালৈ কাৰোঁ ফোন নাহে
সুধিবলৈ সদায় একেটা প্ৰশ্ন
“তুমি মোক সঁচাকৈ ভাল পোৱানে?”

আপুনি যিকোনো এটা কাম মন দি
কৰিব পাৰে
মন গ’লেই খেলিব পাৰে কেৰম বা
টেবুল টেনিছ
কাৰণ ফোন নাহে আপোনালৈ কাৰো
যেতিয়াই তেতিয়াই
আৰু নুসোধে আপোনাক সদায় একেটা
প্ৰশ্ন
“তোমাৰ কাৰণে মই ডাঙৰ নে কেৰম
নে টেবুল টেনিছ?”

বিশ্বাস নকৰিব পাৰে আপুনি
আপোনাৰ হয়তো নখ দৰ্পণত আছিল
এদিন
টেণ্ডুলকাৰ বা গাঙ্গুলীৰ
চেন্সুৰী বা হাফ চেন্সুৰীৰ
সংখ্যা
জাহিৰ বা হৰভজনৰ উইকেটৰ
সংখ্যা
কিন্তু এতিয়া আপুনি চিনি
নাপাব পাৰে
১০০ খন মেছ খেলা ভাৰতৰ নতুন(?)
অলৰাউণ্ডাৰ জনক
কাৰণ আজি যে আপোনাৰ কাষত আছে
আপোনাৰ প্ৰেয়সী
আৰু এটা ম’বাইল ফোন, আধুনিক
সভ্যতাৰ আটাইতকৈ জঘন্য
সৃষ্টি।
এয়া মই নহয় আপুনিয়ে ক’লেহেতেন,
যদিহে……

আপুনি হয়তো আগতে দেউতালৈ বা
মালৈ ফোন কৰোতে
৫৯ ছেকেণ্ডত ফোনটো কাটি
বিজয়োল্লাস কৰিছিল
কাৰণ আপুনি এটকা এটা বচালে।
কিন্তু সেই আপুনি জনেই আজি
দিনটোত মাত্ৰ আঠ ঘণ্টা কথা
পাতে
দাইটিং কৰে টকা বচাবলৈ,
মোবাইলত পইচা ভৰাবলৈ আৰু ৰাতি
শুনে এষাৰী অমিয়া মাত
“তুমি যে মোক আজিকালি একদম
টাইমেই নিদিয়া।”
হায়ৰে জীৱন। এতিয়া আপুনিয়ে
কওঁক আপুনি ভাগ্যৱান হয়নে নে
নহয়?

আপুনি হয়তো সুখী আছিল আপোনাৰ
বাইছ বছৰ পুৰণা হেয়াৰ
ষ্টাইলটো লৈ
আপোনাৰ মায়ে হয়তো সৃষ্টি কৰি
দিছিল
বাইডৱে গুঁঠি দিয়া চৱেটাৰটো
চাগে আপোনাৰ বিৰাটেই প্ৰিয়
আছিল
কিন্তু এইবোৰ বদলাবলৈ আপুনি
বাধ্য কাৰণ
“বদলাবা দেই এইবোৰ ষ্টাইল
একদম বুঢ়া মানুহ যেন দেখি”
এনেকৈ ক’বলৈ আপোনাৰ কোনোবা
আছে।

আপোনাক হয়তো বহুত ভাল পাইছিল
আপোনাৰ বন্ধুসকলে
তেওঁলোকৰ লগত গান গাই ফুৰ্তি
কৰি নাচি বাগি খুব ভাল পাইছিল
চাগে আপুনি
কিন্তু আজিকালি আপোনাৰ তালৈ
যাবলৈ ভয় হয় গৈছে
কাৰণ ৰাতি আপুনি প্ৰশ্নৰ
সম্মুখীন হয়
“তুমি বাৰু হেৰি নেকি?”
আপোনাৰ হয়তো চিপ জৰী ল’বলৈ মন
যাব পাৰে, সাৱধান।
তাতকৈ এটা সিদ্ধান্ত ল’ব,
“নাযাও আজিৰ পৰা।”
কাৰণ আপোনাকতো তেনেকৈ ক’বলৈ
কোনোবা এগৰাকী আছে।

আপুনি চাগে গধূলি ঘূগুনী
চপেৰেই কাম চলাইছিল
পাঁচ টকা এটা বচাবলৈ চাঁহ কাপো
নাখাইছিল বা কেতিয়াবা খাইছিল
কিন্তু সেই আপুনি জনেই
আজিকালি অলপ সলনি হৈ গ’ল যুগৰ
লগত
অলপ ৰোমাণ্টিক হোৱাৰ
স্বাৰ্থত আপুনি যায় চিচিডিলৈ
প্ৰেয়সীৰ লগত
আপুনি কয় কেপিচ্চিনো বুলি মই
কওঁ দুশ টকীয়া টুপি বুলি
আৰু যাবৰ সময়ত প্ৰেয়সীয়ে হয়তো
ক’ব, “মিচ ইউ।”
আপোনাৰ হয়তো আকাশলৈ উৰি যাবলৈ
মন যাব
আকৌ ৰাতি হয়তো আপোনাক ক’ব
“তুমি যে অলপো ৰোমান্টিক নহয়
দেই।”

আপুনি চাগে ভাল পাইছিল দেউতাৰ
লগত গধূলি ফুৰিবলৈ গৈ
কথা পাতি যেন শেষেই নহৈছিল
কল্পতৰু হোটেলত বহি চাহ একাপ
খাইছিল
এতিয়াও আপুনি কথা পাতে ঘণ্টাৰ
পাছত ঘণ্টা দিনৰ পাছত ৰাতি
কিন্তু ফোনত
এয়া যে আপোনাৰ দায়িত্ব নহ’লে
মহাভাৰত
“তুমি যে মোক কেয়াৰেই নকৰা”
সেইকাৰণেই আপুনি কথা পাতে কথা
নাথাকিলেও
“আৰু কোৱা” অলপ পাছত কথা শেষ
হয় তাৰ পাছত আকৌ নীৰৱতা
“আৰু কোৱা”….. হয়তো আপুনি
গালিও খাব পাৰে
“কি বাৰে বাৰে আৰু কোৱা আৰু
কোৱা। কথা নাথাকিলে ফোন কিয়
কৰা?”

সেইকাৰণেই মই আপোনাক কৈছোঁ
ভাগ্যৱান বুলি
কাৰণ আপুনি যি মন যায় কৰিব
পাৰে
লিখিব পাৰে এটা কবিতা বা এটা
গল্প
বা গাব পাৰে এটা গান আৰু
প্ৰাণখুলি মাৰিব পাৰে এটা
হাঁহি
বা মোৰ দৰেই এটা অকবিতা লিখিও
নষ্ট কৰিব পাৰে এটা সুন্দৰ
গধূলি
আপোনাৰ দৰেই মোৰো ভাগ্য
বিৰাটেই ভাল
কাৰণ তেনেকৈ ক’বলৈ আমাৰ কোনো
নাই।

-----------------------------------------

(প্ৰাণজিত বৰুৱাৰ “এনেকৈ ক’বলৈ থকাহেঁতেন” কবিতাটোৰ প্ৰত্যুত্তৰ হিচাপে এই ধেমেলীয়া অকবিতাটো লিখিলোঁ। কোনেও গভীৰ ভাৱে নলয় যেন)

ফাৰুক আজিজ (২৮/০৩/২০১৪)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,369
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,454
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294