ভীষণ ভোক লাগিছে মোৰ --- ৰঞ্জন ভূঞা

ভীষণ ভোক লাগিছে মোৰ
হয়তো আজি হত্যা কৰিব পাৰোঁ
অহিংসা অহিংসা গোন্ধাই থকা শব্দবোৰ
হয়তো আজি হত্যা কৰিব পাৰোঁ
শান্তি , প্ৰেম ইত্যাদি ইত্যাদি শব্দবোৰ ৷

বগা কামিজ পিন্ধা পেটুৱামানুহ বোৰ
হয়তো আজি নিথৰ হৈ পৰিব পাৰে
খহি পৰিব পাৰে ৰাজসিংহাসন
খহি পৰিব পাৰে সুবিশাল মহল ৷

হয়তো নাথাকিবও পাৰে
দিনৰ আকাশত সূৰ্য্য ৰাতিৰ চন্দ্ৰ
গো-গ্ৰাসে গিলিবও পাৰোঁ সিঁহতক
অগ্নি শিখাত খোজ দি
পাৰ হ’বও পাৰোঁ উচ্চ শিখৰ
পিয়াহত পাণ কৰিব পাৰোঁ মহাসাগৰ ৷

হয়তো নাথাকিবও পাৰোঁ আৰু ভোক লাগিবলৈ
হয়তো ভোক লাগিলে চিঞৰিব নালাগিব কাহানিও
যি কোনো হব পাৰে আজি
আক্ৰমণ প্ৰত্যাক্ৰমণ ,
ভীষণ ভোক লাগিছে মোৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,031
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,771
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,522
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:411