নাকান্দিবি অ বগী তই…
তোৰ কান্দোন নুশুনে মানুহে।
সিহঁত আজি ভোগত ব্যস্ত।
তোৰ গোচৰ শুনিবলৈ সিহঁতৰ সময় নাই ।
তোৰ লগৰী হেৰুৱাৰ দুখ নুবুজে সিহঁতে……
পেকপেকাই তই সিহঁতৰ পিছে পিছে নাযাবি
সিহঁত এতিয়া ভোগত ব্যস্ত ।
তইতো নেজান…
তোৰ লগৰী যে উৰুকাৰ নিশাৰ ভোজ হ'ল ।
বিচাৰি চালে হয়তো পাবি,
তাৰ হাড় মুৰ চুৱা পাটনিত…
তই চাগে বহুত সপোন দেখিছিলি বগী,
অহা বাৰিষাত দুয়ো হিয়া উজাৰি সাতোৰাৰ,
বৰষুণত তিতি তিতি
নাচি বাগি গান গোৱাৰ…
তোৰ সপোনবোৰ অকালতে ভাঙি গ'ল অ'
তোৰ লগৰী যে উৰুকা নিশাৰ ভোজ হ'ল ।
তহঁতৰ বৰ দুৰ্ভাগ্য অ' বগী
মানুহৰ ভোগৰ বাবে সাৱটিব লগা হৈছে
অকাল মৃত্যু।
বুকু পাতি লব লগা হৈছে,
আপোনজনক হেৰুৱাৰ বেদনা ।
নেকান্দিবি তই,
বগা সাজযোৰ পিন্ধিয়েই জীয়াই থাক ।
তইওতো নেজান…
তইও যে হব পাৰ,
ভোগালীৰ ভোগৰ সামগ্ৰী……।