মই নতুন কবিতাৰে আঁদৰণি জনাব পাৰোঁ --- কিশোৰ বড়ো

প্রতিনিয়ত এই বাগিছাখনৰ ওপৰত এৰি থৈ যায়
ধুমুহাৰ অৱশিষ্ট বিবৰ্ণ সেমেকা পুৱা
ফুলবোৰ ডাল বিছাৰি উচুপি উঠে
আৰু পাতবোৰ খেপিয়াই ফুৰে সেউজীয়া বিছাৰি

অলংকাৰ হেৰুৱাৰ বেদনাত
যেতিয়া অৰণ্যই হিয়া ধাকুৰি কান্দে
মাটিয়ে শৰীৰ কমি যোৱাৰ দুখত
চিঞৰি চিঞৰি কয়ঃ গছ ৰোৱা মানুহবোৰৰ
হাততেই মৃত্যু হয় প্রগাঢ় সেউজীয়া

ৰান্সী আৰু চিংডুমৰ পথেৰে চোঁচৰাই টানি লৈ যায়
মোৰ দেশৰ অজস্র বীৰছা মুণ্ডাক
মানৱতা আৰু খেতিয়কৰ তেজ
পানীৰ দৰত বিক্ৰী হোৱা দেখি
মূৰৰ ওপৰত শোষণ-উৎপীড়নৰ আকাশ খহি পৰোঁতে
আশাৰ তৰাবোৰ উল্কা হৈ সৰি পৰে
ৰক্তাভ মাটিত বিলীন হয় মন্দাকিনী

মই মাথোঁ চটফটাই পৰি থাকোঁ
নিসংগতাৰ শেতেলিত
মোৰ সোঁৱে বাঁৱে আৰ্তনাদৰ কৰুণ বিননি

এনে দিনত, দিন নহয়
প্রতিটো দিনতেই নাচি থাকে ভয়াৰ্ত ৰাতিৰ যখিনী
মই ভাবি ভাবি পাৰ কৰোঁ অলেখ ৰাতি
আপোনাক কেনেকৈ জুৰমলয়াৰ অনুৰাগৰ
নতুন কবিতাৰে আঁদৰণি জনাব পাৰোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,206
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436