মই ভবাৰ দৰে --- প্ৰদীপ দাস

মই ভবাৰ দৰে বাৰু
ভাবানে মোৰ কথা তুমিও ?
কোমল বুকুখনিত তোমাৰ
বইনে কিনচিৎ শিহৰণ
মোৰ কথা ভাবি এবাৰলেও !
মই ভাগৰুৱা হওঁ...
মই বাকৰুদ্ধ হওঁ ...
স্পৰ্শ বিচাৰি
তোমাৰ নিতুল মৰম ।

তুমি শাওনৰ বৃষ্টি হৈ নানিবা সপোন
ফাগুনৰ ধুমুহা হৈ নোৰুৱাবা
জীৱনৰ ৰং !
আহিন হৈ সেউজ হোৱা মাথোঁ
মোৰ উকা বুকুত ।
মই ভবাৰ দৰে
তুমিও ভাবিবানে -
জীৱন জীৱনৰ বাবে
মৰণৰ বাবে নহয় ...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,676
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,478
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,957
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,693
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,905