মই ৰাজপথ --- শ্ৰী ভাস্কৰ জিৎ নাথ

নিথৰ স্পন্দনহীন শৰীৰে সৃষ্টিক সাবটি আজীৱন চিৰ কম্পনহীন মই ৰাজপথ,
পূব-পশ্চিম-উত্তৰ-দক্ষিণ সবাকে সামৰি ৰচোঁ একতাৰ জৰী, জীৱন নদীৰ সু-পথ ।

মোৰ বুকুতে বহে ভাগৰুৱা জীৱনৰ এটি দুটি আঁউসী নিশা,
কোলাতে শোৱে গৃহহীন নৰ-নাৰীৰ উচ্চ আকাংক্ষা ।

যেতিয়া সূর্যৰ পৰিধি সামৰি নিশাৰ নিয়ন লাইটবোৰ জ্বলি উঠে,
তেতিয়া নীলা শিয়ালৰ আঘাতত ধর্ষিত হয় মোৰ দেহা ।

মাজনিশা আজিও শুনো কোনোবা গাভরুৰ অসহায় আর্তনাদ.....
শুনো পুৱতি নিশালৈকে জাগ্রত মাতৃৰ পুত্র বিচ্ছেদৰ হিয়াভগা কান্দোন ।

সৌ সিদিনালৈকে বাজি আছিল..
মোৰ বুকুতে কোনোবা কানাইৰ মোহন বাঁহী,
বাজি আছিল গৰখীয়াৰ মুখত হেঁপাহৰ,
আদৰৰ বিহুটি ।

মই অসহায় হওঁ.....
যেতিয়া মোৰ কোলাতে বিস্ফোৰিত হয় তেজ ৰঙী জনতাৰ সপোনবোৰ,
ঠিতাতে বাগৰি পৰে নিষ্পাপ নির্দোষ মৃতদেহৰ অংশ বোৰ ।

কিদৰে বুজাওঁ.....
কণমানি শিশুটিক,
পিতৃৰ শিৰ কোলাত লৈ অশ্রু মচা পত্নীক ।
কিদৰে সান্তনা দিওঁ বৃদ্ধা মাতৃক,
মৃত ভাতৃক সাবটি উচুপি থকা ভগ্নীজনীক ।

মই আজি মৌন....,
ৰঙা ৰং বোৰ গাত সানি জীৱন্তে হৈ পৰিছো মৃত ।
মই নেজানো মোৰ কেতিয়া জন্ম,
বা কেতিয়া হব মোৰ এই যাত্রৰ অন্ত.... ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,048
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,230
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,580