মজদুৰ বাহু --- ধনঞ্জয় কুৰ্মী

কামিহাড়বোৰ ঘুনে খোৱা কাঠৰ টুকুৰা

ছালত- ৰ'দৰ লেহন দাগ...

অট্টালিকাৰ স্বপ্ন ক'ত ?

এবাটি হাড়িয়া পুৱতি জলপান

ভূঞ্জা আৰু লাল চাহ

বাবু আৰু নুনিৰ বাবে.....

ৰণ শিঙ্গা বিঙ্গোল বাজিল

সাৰ পাই উঠে বাহুৰ কোষবোৰ

শিৰশিৰাই উঠে নখ বোৰ......

এটি কলি দুটি পাত; তুলি তুলি

নালা খান্দি খান্দি

অপেক্ষা; জিৰণিৰ ৰাতিটো, সিও বিৰক্তিকৰ

পাঁচটা ছানাৰ অভিযোগ

ইটো নাই সিটো নাই

পিটিল বাইদেউ আজি

আচ্; কিহৰ জীৱন এয়া.......

মজদুৰ বাহু কমজোৰ হৈ পৰে

খামুচি ধৰে জোৰকে; মূৰৰ চুলি

ভাগ্যক ধিয়াই ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,768
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,083
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,714
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,656