মতামত :: আগন্তুক বিধানসভা নিৰ্বাচন আৰু যুৱপ্ৰজন্মৰ ভূমিকা (১) --- শেখৰ ভট্ৰাচাৰ্য্য

আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ভৰ কৰি আছে যুৱপ্ৰজন্মৰ ওপৰত । যুৱপ্ৰজন্মৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ন । এই যুৱপ্ৰজন্মই নিৰ্ণয় কৰিব কোন শাসকে আমাৰ ৰাজ্যখনক শাসন কৰিব আৰু দিছপুৰ দখল কৰিব । ৰাজ্যৰ এই যুৱপ্ৰজন্মৰ জৰিয়তে পৰিবৰ্তন আনিব পাৰি । যুৱপ্ৰজন্মই ইচ্ছা কৰিলে অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে ।

এইবেলি নিৰ্বাচনত যুৱপ্ৰজন্মই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি ,এখন দূৰ্নীতি মুক্ত, শিক্ষিত তথা যুৱপ্ৰজন্মৰ চৰকাৰ গঠন কৰিব পাৰিব । ৰাজ্যখনত আনিব পাৰিব পৰিবৰ্তনৰ বতাহ । যিহেতু যুৱপ্ৰজন্মই ৰাজ্য বা দেশলৈ উন্নয়ন আনে , যুৱসমাজে ৰাট্ৰ এখন গঢ় দিয়ে, সেইবাবেই এই যুৱপ্ৰজন্মৰ ওপৰত অসমৰ সাধাৰণ জনতাই বিশ্বাস স্থাপন কৰিছে আৰু অধিক গুৰুত্ব দিছে । আনকি ৰাজনৈতিক দল বিলাকৰ নেতা , মন্ত্ৰীসকলেও এই যুৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি আৰু কাৰ্যপন্থা হাতত লোৱা দেখা যায় । কাৰণ তেওঁলোক জানে এই যুৱপ্ৰজন্মই যিফালে সমথৰ্ন দিব, সেইফালৰ তুৰ্জু খনৰ ভৰ বেছি হ'ব । উদাহৰণস্বৰুপে ক'ব পাৰি দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কথা , অৰবিন্দ কেজৰিৱালে যুৱপ্ৰজন্মৰ সমৰ্থনেৰে দিল্লী দখল কৰিব পাৰিছে । সেইবাবে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব যুৱপ্ৰজন্মই আৰু তেওঁলোকৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ণ ।