মতামত :: আগন্তুক বিধানসভা নিৰ্বাচন আৰু যুৱপ্ৰজন্মৰ ভূমিকা (২) --- শেখৰ ভট্ৰাচাৰ্য্য

যুৱপ্ৰজন্ম হৈছে ৰাজ্যখনৰ মেৰুদন্ডস্বৰুপ । অসমৰ বিধানসভাৰ নিৰ্বাচন আহি পাইছে । এই নিৰ্বাচনে আমাৰ ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ।

এইক্ষেত্ৰত যুৱপ্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ লাগিব । যুৱপ্ৰজন্মই পৰিকল্পনাৰ মাধমেৰে এক উচিত আৰু স্বচ্ছ কাৰ্যপন্থা হাতত ল'ব লাগিব । আমাৰ যুৱপ্ৰজন্মই এটা কথাত গুৰুত্ব দিব লাগিব যে -ৰাজ্যৰ কোনো ৰাজনৈতিক দলে সুযোগ বুজি জনসাধাৰনৰ মাজত ধৰ্মক লৈ ৰাজনীতি কৰাৰ উপৰিও গোষ্ঠীগত সংঘৰ্ষ আনি দিব নোৱাৰে । বৰ্তমান ৰাজ্যৰ যুৱপ্ৰজন্মই হওঁক বা বাকী সচেতন নাগৰিকে হওঁক প্ৰতিজনেই মানসিক ভাৱে সাজু হৈছে আগন্তুক নিৰ্বাচনত যোগ্যপ্ৰাৰ্থীক নিৰ্বাচিত কৰি , নিজৰ নিজৰ সমষ্টিৰ বাবে উন্নয়ন কৰাৰ সুযোগ দিয়া উচিত । প্ৰতিজন অসমীয়াই বুকুত অজস্ৰ আশালৈ নতুন দিনৰ সন্ধানত অতি আগ্ৰহেৰে আপেক্ষা কৰি আছে । নতুন কৈ নিৰ্বাচিত ব্যক্তিজনে কিবা নতুন আঁচনি বা পৰিকল্পনা ৰুপায়ন কৰিব , কিন্তু বাকী সকলো আঁচনিৰ কথা বাদ দিলেও প্ৰতিজন বিধায়কে নিজৰ সমষ্টিৰ নামত থকা ধনখিনিও খৰছ কৰিব নোৱাৰে । যাৰ ফলত ৫বছৰ এনেকৈয়ে পাৰ হৈ যায় ।

অকল নিৰ্বাচনৰ আগমূহুতত আঁঠুৱা, কম্বল, দমকল, টিনপাত, চাইকেল আৰু কল্পতৰুৰ চেকেৰে ভোটাৰৰ মন জয় কৰা দেখা যায়। কিন্তু এইবেলি সকলোৱে অলপ সচেতন হওঁক আৰু সকলো চালি জাৰি চাই নিজৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যোগ্য ব্যক্তিজনক সকলোৱে নিৰ্বাচিত কৰে যেন । তাৰ লগতে সেই ব্যক্তিজন যাতে দূৰ্নীতিমুক্ত আৰু অপৰাধমুক্ত হয় । প্ৰতিজন ব্যক্তিয়ে অকল নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ বাবে গাওঁ চহৰে বেনাৰ, পোষ্টাৰ, হৰ্ডিংত সোণালী আখৰে নিজৰ নাম আৰু বিভিন্ন নিউজ চেনেলসমুহত সাক্ষাৎকাৰ দি জনপ্ৰিয়তা অৰ্জন কৰি আছে । কিন্তু এইবেলাক বাদ দি এইবেলি নিৰ্বাচনত প্ৰতিশ্ৰুতিসমুহ লিখিত আকাৰত আমাক দিব লাগে , কাৰণ বহুতো আধাৰশিলা বৰ্তমান সময়ত গৰু চৰোৱা পথাৰত পৰিণত হৈছে ।