মতামত :: মদৰ প্ৰচলন বন্ধ কৰো আহা --- শেখৰ ভট্ৰাচাৰ্য্য

বতৰ্মান যুগৰ আনন্দৰ আন এটা নাম হ'ল মদ । এতিয়া মানুহ জন্ম হ'লেও, মূত্যু হ'লেও, বিবাহ হ'লেও, ভাল ৰেজাল্ট হ'লেও মদ খায় । মদ অবিহনে আজিৰ মানুহে একো কাম কাজ কৰিবো নোৱাৰে । মদৰ ৰাগিত মানুহ বিবেকহীন হৈ পৰে । মানুহে যিকোনো কাম কৰিবলৈ কুন্ঠাবোধ নকৰে । গতিকে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান পৰবত মানুহে মদ খাই অংশ গ্ৰহণ কৰিলে সেই অনুষ্ঠান কিমান দূৰ সফল হ'ব সেয়া সৰ্বজনবিদিত । এই মদ বৰ্তমান সময়ত এক ভয়ংকৰ ভাইৰাছত পৰিণত হৈছে । ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিছে মূলতঃ নৱপ্ৰজন্মৰ ওপৰত । মদ ন'হলে বনভোজ নচলে । সামাজিক মাধ্যমবোৰৰ মাজেদি দেখা যায় দৈনন্দিন সংঘটিত ঘটনাবোৰ মদ সেৱন কৰাৰ ফলত ঘটে । যেনেকুৱা ছোৱালীক অশালীন ব্যৱহাৰ ,অত্যাচাৰ , হত্যা আদি । আজিকালি মদৰ প্ৰচলন হোৱাৰ ফলত নৱপ্ৰজন্মই ধ্বংসৰ ফালে গতি কৰিব ধৰিছে ।