টিক টিক টিক . . .
তিল তিলকৈ কিছু সময়
হাতৰ মুঠিত সামৰি-
তেওঁ উৰিব খোজে এখন আকাশত ;
তেওঁৰ তেজত বোলে কেঞ্চাৰৰ চেঁকুৰা !
নীলা হ'ব খোজা তেওঁৰ পাখিত
তেওঁ গাঠিব খোজে -
সেউজীয়াৰ এক বিজলুৱা মম !
তেওঁ চাগে নাজানে এটি পুৰণা সাধু:
উৰিব খোজা এখন মহাকাব্যত কিদৰে (?)
মমবোৰ গলি সহি পৰিছিল
উৰি ফুৰা এখন শুকাণ সাগৰ ।